Moral police at Teok: যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত

By

Published : May 5, 2023, 4:04 PM IST

thumbnail

টীয়ক, 5 মে’ : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা (Moral police at Teok) ৷ সভ্য সমাজক লজ্জানত কৰি এইবাৰ টীয়কত মৰেল পুলিচৰ নামত যুৱকক উলংগ কৰি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । 

অভিযোগ অনুসৰি টীয়ক হাটখোলাৰ অজয় মাঝি নামৰ যুৱকজনে বৃহস্পতিবাৰে বিয়লি টীয়ক নগৰৰ নন্দনপুৰৰ মাজেৰে ঘৰলৈ বুলি পথেৰে গৈ থকা অৱস্থাত এটা তিনি/চাৰিজনীয়া যুৱকৰ দলে অজয়ক আগুৰি গুৰুলা-গুৰুলকৈ মাৰধৰ কৰি গাৰ কাপোৰ কানি খুলি উন্মত্ত হৈ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰে (Youth brutally beaten at Teok )। 

ইয়াৰোপৰি যুৱকৰ দলটোৱে অজয়ে কামৰ পৰা অনা ধনো দাবী ধমকি দি কাঢ়ি লৈ যায় ৷  এই ঘটনাৰে সৈতে অঞ্চলটোৰ ৰন্টু আৰু কানকান নামৰ দুজন যুৱকৰ লগতে আন দুজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে (Miscreants make nude video of youth)। ইতিমধ্যে ঘটনা সন্দৰ্ভত অজয়ৰ পৰিয়ালে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (FIR at Teok police station)।  

উল্লেখযোগ্য যে পৰিয়ালৰ লোকে জানিব দিয়ামতে যুৱকজনৰ হাতত কাম কৰি আহোতে কিছু নগদ ধন আছিল আৰু কি কাৰণত যুৱকজনক এইদৰে বৰ্বৰভাৱে প্ৰহাৰ কৰিলে এই পৰ্যন্ত স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.