Youth arrested for sexual assault: কিশোৰীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত দুই যুৱকক কৰায়ত্ত

By

Published : Jan 6, 2023, 10:21 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

যোৰহাটত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে (Molestation case in Jorhat)৷ বৃহস্পতিবাৰে নিশা যোৰহাটৰ এখন কুঁহিয়াৰবাৰীত এগৰাকীক কিশোৰীৰ লগত দুই যুৱকে অনৈতিক কাৰ্যকলাপ কৰি অৱস্থাত স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায় ৷ জানিব পৰামতে যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা দুজন যুৱকে এগৰাকী সুৰামত্ত কিশোৰীক লৈ আহিছিল ৷ তাৰ পিছতে এখন কুঁহিয়াৰবাৰীত সোমাই কিশোৰীগৰাকীৰ লগত অনৈতিক কাৰ্য কলাপত লিপ্ত হয় (Molestation teenage girl in Jorhat)৷ এই ঘটনা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আটাইকে কুঁহিয়াৰবাৰীৰ পৰা উলিয়াই আনি সোধ পোছ কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷ স্থানীয় ৰাইজে তিনিওকে আবদ্ধ কৰি আৰক্ষীৰ খবৰ দিয়ে ৷ ইয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীসহ দুই যুৱকক আটক কৰে (Youth arrested for sexual assault with girl)৷ উল্লেখযোগ্য যে কিশোৰীগৰাকীক ধনৰ লোভ দেখুৱাই এইদৰে দুই ব্যক্তিয়ে সেই স্থানলৈ লৈ আহিছিল বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.