Youth Attempts suicide: প্ৰেমজনিত কাৰণত যুৱকৰ আত্মহত্যাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:54 PM IST

thumbnail

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: নুনমাটি থানাৰ অন্তৰ্গত জয়ন্ত নগৰ অঞ্চলত শৌচাগাৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত যুৱকজন বামুনিমৈদাম স্থিত DS GROUPত কৰ্মৰত কোকৰাঝাৰৰ ৰাজা নাৰ্জাৰী(২৩) বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে DS Group ত কৰ্মৰত আন কেইবাগৰাকী বন্ধুৰ সৈতে জয়ন্ত নগৰত ভাৰতীয়া হিচাপে আছিল যুৱকজন। কিন্তু যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। তাৰ পিচৰপৰা মোবাইল অফ হৈ আছিল যুৱকজনৰ। তাৰ পিচতে মঙলবাৰে পুৱা প্ৰায় ৯ মান বজাত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা এটা শৌচাগাৰৰ পৰা উৎকট দুৰ্গন্ধ ওলোৱাত লগৰ কেইজনে দুর্গন্ধৰ উৎস বিচাৰি শৌচাগাৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত যুৱকজনৰ অধগলিত মৃতদেহ প্ৰতক্ষ কৰে।

লগে লগে যুৱককেইজনে আৰক্ষীক খবৰ দিয়ে ৷ যুৱককেইজনে দিয়া খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ শৌচাগাৰৰ দুৱাৰ ভাঙি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

প্ৰেমিকাৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিত যুৱকজনে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে মৃত যুবকজনৰ বন্ধুবৰ্গই। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.