তেজপুৰ এলজিবিআৰ মানসিক চিকিৎসালয়ত বিশ্ব এইডছ দিৱস পালন

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:01 PM IST

thumbnail

তেজপুৰ, ১ ডিচেম্বৰ: আজি বিশ্ব এইডছ দিৱস ৷ তেজপুৰত বিশ্ব এইডছ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত হয় ৷ ডাঃ শৈলেন দেউৰীয়ে শুভাৰম্ভ কৰা এই অনুষ্ঠানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষ ডাঃ কৰুণা হাজৰিকাই এটি কবিতা পাঠেৰে যুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে আগবাঢ়ি যোৱাৰ আহ্বান জনায় ৷

এইমচৰ অধ্য়াপক ডাঃ অতুল আম্বেদকাৰে অনলাইন যোগে এইডছ সম্পৰ্কে জনসজাগতাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ৷ উল্লেখ্য যে বিগত তিনি বছৰত ক্ৰমাগতভাৱে অসমত এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে শোনিতপুৰত চলিত বৰ্ষত ৮৬৯২ গৰাকীৰ পৰীক্ষা কৰাত ১৯২ গৰাকীৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷  

ইফালে, শোনিতপুৰ জিলা স্বাস্থ্য সেৱা সমিতি আৰু আই এম এৰ উদ্য়োগতো সজাগতা ৰেলী-সভা আদিৰ আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে এই বছৰৰ এক সমীক্ষা অনুসৰি ৫০ % লোক এইডছ আক্ৰান্ত হয় একমাত্ৰ বেজীৰে ড্ৰাগছ লোৱা বাবে ।

লগতে পঢ়ক:জুৰীয়াত নিৰ্মাণৰ পিচতেই বখলা-বখলে এৰিছে পকী পথ,ৰাইজে বন্ধ কৰিলে নিৰ্মাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.