Women cricket training camp: হাতত বেট বল লৈ ক্ৰিকেট প্ৰশিক্ষণৰ বাবে আহিছে নলবাৰীৰ এজাক তৰুণী

By

Published : Apr 26, 2023, 9:24 PM IST

thumbnail

নলবাৰী, ২৬ এপ্ৰিল : ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে অসম । অসমৰ ক্ৰীড়া জগতখনৰ ক্ষেত্ৰত গৌৰবৰ ধ্বজা বহন কৰিছে বেছিভাগ নাৰীয়ে । লাভলীনাৰ পৰা আৰম্ভ কৰি হিমা দাস, নয়নমণি শইকীয়া, যমুনা বড়ো, জিণ্টিমণি কলিতা সকলোৱে বিশ্বত নাম উজলাইছে অসমৰ ৷

শেহতীয়াকৈ নলবাৰীত আৰম্ভ হৈছে মহিলাৰ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ । নলবাৰীৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আৰম্ভ হৈছে এই ক্ৰিকেটৰ প্ৰশিক্ষণ ৷ সাতদিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত মহাবিদ্যালয়খনৰ লগতে আন মহাবিদ্যালয়ৰো কেইবা গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে (Women cricket training camp in Nalbari) ৷

নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমিৰ দ্বাৰা সাতদিনীয়াকৈ এই ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জনাই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ উদ্যোক্তা সকলে ৷ প্ৰশিক্ষক হিচাপে আছে মহেশ্বৰ হালৈ আৰু সঞ্জীৱ ঠাকুৰ । সম্পূৰ্ণ বিনামূলীয়াকৈ ক্ৰিকেটৰ প্ৰশিক্ষণ দি থকা হৈছে বুলি উল্লেখ কৰে নলবাৰী মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষা গাৰ্গী চক্ৰৱৰ্তীয়ে (Women cricket training camp) ৷

লগতে পঢ়ক : IPL 2023 MI Vs GT: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 55 ৰাণত জয়ী গুজৰাট টাইটানছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.