Dead body Exchange: GMCH ত মৃতদেহ সাল-সলনি; পত্নীৰ মৃতদেহ বিচাৰি হাহাকাৰ স্বামী

By

Published : May 3, 2023, 8:48 PM IST

thumbnail

গুৱাহাটী, ৩ মে’: গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাভুত-নাশ্ৰুত ঘটনা (Dead body Exchange in GMCH) ৷ মৰণোত্তৰ পৰীক্ষাগৃহত পত্নীৰ মৃতদেহ বিচাৰি স্বামীৰ হাহাকাৰ (Woman body missing in GMCH) । কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অন্য লোকৰ মৃতদেহৰ লগত সলনি হ’ল লখিমী চেত্ৰী নামৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ জানিব পৰা মতে, যোৱা ১ মে’ত মৰণোত্তৰ পৰীক্ষাৰ বাবে আনিছিল আমচিং যোৰাবাটৰ লখিমী চেত্ৰী নামৰ মহিলাগৰাকীৰ মৃতদেহ । জি এম চি এইছৰ মৰ্গতে ৪ দিনৰ বাবে ৰখা হৈছিল মৃতদেহটো (Woman body exchange with others) ।  

কিন্তু লখিমী ছেত্ৰী নামৰ মহিলাগৰাকীৰ মৃতদেহৰ ঠাইত কৰ্তৃপক্ষই কোনো অচিনাকি মহিলাৰ মৃতদেহ ৰাখি থৈ যায় । অৱশেষত বুধবাৰ অৰ্থাৎ আজি লখিমীৰ স্বামীয়ে যেতিয়া পত্নীৰ মৃতদেহটো নিবলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আহে তেতিয়া মহিলাগৰাকীৰ মৃতদেহ নাপায় পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পিচতে এতিয়া এই ঘটনা সন্দৰ্ভত আৰক্ষী কাষ চাপে স্বামীয়ে । অচিৰেই মৃতদেহ চমজাই দিবলৈ দাবী উত্থাপন দুৰ্ভগীয়া স্বামীয়ে ৷ 

লগতে পঢ়ক: Kidnapping Case at Dispur: অপহৰণ নে আটক, দিছপুৰ অপহৰণ কাণ্ডত ৰহস্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.