Woman missing: ঈদৰ বজাৰ কৰিবলৈ গৈ নিৰুদ্দেশ অহেদা বেগম

By

Published : Apr 21, 2023, 4:09 PM IST

thumbnail

ৰঙিয়া, 21 এপ্ৰিল: ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ৷ ঈদৰ বজাৰ কৰিবলৈ গৈ দিন দুপৰতে নিৰুদ্দেশ হ’ল ৰঙিয়াৰ বনগাঁৱৰ দুই সন্তানৰ মাতৃ অহেদা বেগম (২৫) (Woman missing case at Rangia) ৷ যোৱা ৭ দিন ধৰি কোনো সন্ধান নাই অহেদাৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই অহেদাৰ (Mother went missing) । উপাই বিহীন হৈ শুকুৰবাৰে সংবাদ মাধ্যমৰ জৰিয়তে নিখোজ বোৱাৰীগৰাকীৰ সন্ধান বিচাৰি কান্দোনত ভাগি পৰে স্বামী আৰু মাতৃ ৷  

দুৰ্ভগীয়া স্বামীয়ে কয়, "তুমি ক'ত আছা ! মাইনাহঁতে কান্দি আছে ঘৰলৈ উভতি আহা ৷ মাইনাহতক চম্ভালিব পৰা নাই ।" যোৱা সাত দিনত ৰঙিয়াৰ ৰাজপথত নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পত্নীৰ ফটো দেখুৱাই বিচাৰি চলাথ কৰিছে  । ইয়াৰ উপৰি নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ মাতৃয়ে আত্মীয়-স্বজন আৰু পৰিচিত লোকসকলৰ ঘৰত খা-খবৰ কৰে যদিও কোনো খবৰ লাভ কৰা নাই ।  

লগতে পঢ়ক: 17 year old teenager died: অন্ধবিশ্বাসৰ বলি হৈ অকাল মৃত্যু জলাতংকত ভোগা কিশোৰৰ

কোনো দুষ্ট চক্ৰ‌ই ফুচুলাই নি বোৱাৰীগৰাকীক কৰবাত বিক্ৰী কৰি দিব পাৰে বুলি সন্দেহ কৰি চিন্তিত হৈ পৰিছে পৰিয়ালটো । কি পৰিস্থিতিত আৰু কেনেকৈ মহিলাগৰাকী নিখোজ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । শীঘ্ৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে বোৱাৰীগৰাকীৰ পৰিয়ালে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.