Woman dead body recover: মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:15 PM IST

thumbnail

তিনিচুকীয়া, ২২ অক্টোবৰ: সমগ্ৰ দেশতেই পূজাৰ আনন্দৰ মাজতেই তিনিচুকীয়া জিলাৰ ডুমডুমা ফিল'বাৰীত এক জঘন্য হত্যাকাণ্ড সংঘটিত হয় । তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণপুৰত এখন ব্যক্তিগত চাহ বাগিচাত মহাসপ্তমীৰ নিশা সুনীয়া ভুমিজ নামৰ এগৰাকী মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰা হয় । 

দেওবাৰে পুৱা স্থানীয় লোকে চাহ বাগিচাৰ মাজত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে । মহিলাগৰাকীক স্বামী বিজু ভুমিজে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে । অত্যাধিক সুৰা সেৱন কৰা বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বুলি প্ৰশাসন আৰু ওচৰ-চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰে । 

মৃত সুনীয়া ভূমিজৰ স্বামী বিজু ভুমিজ শনিবাৰৰ নিশাৰ পৰাই পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে হত্যাকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে ফিল’বাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.