Wild Elephant Terrible Scene at Kaliabor: কলিয়াবৰত সন্ত্ৰাসৰ অন্য এক নাম বন্যহস্তী

By

Published : Dec 3, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্যজুৰি হাতী মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ(Wild elephant menace in Assam) । কলিয়াবৰৰ বিভিন্ন প্ৰান্ততো বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে কেইবাকনো গাঁৱৰ লোকে(Wild elephant terror at Kaliabor) । ইয়াৰ মাজতে পোহৰলৈ আহিছে বন্যহস্তীৰ উপদ্ৰৱৰ এক শিহৰণকাৰী দৃশ্য । কলিয়াবৰৰ শাকমুঠি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল দুজন লোকৰ(Wild elephant scare at Kaliabar) । CCTV কেমেৰাত বন্দী হৈ ৰ'ল হাতীয়ে চোঁচা লোৱাৰ ভয়ংকৰ দৃশ্য । বিগত কেইবাদিনো ধৰি দুটাকৈ বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে গাঁওখনত । খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় অহা বন্যহস্তীয়ে কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চলত সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ । নিশা ঘৰৰ পৰা ওলোৱা-সোমোৱা কৰিবলৈকো দহবাৰ ভাবিবলগীয়া হৈছে এতিয়া কলিয়াবৰীয়া ৰাইজে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.