wild elephant menace in Kaliabor: কলিয়াবৰত পুনৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে তাণ্ডৱ

By

Published : Feb 7, 2023, 2:07 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

কলিয়াবৰ, 7 জানুৱাৰী: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি ঘৰ ভাঙিছে, ক’ৰবাত আকৌ তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি ৷ সমান্তৰালভৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজস্ৰজন ৷

জনাঞ্চললৈ বন্যহস্তীৰ জাক উলাই আহি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ বহুবাৰ নিশা গৃহস্থ শুই থকা অৱস্থাতো বন্যহস্তীয়ে আক্ৰমণ কৰাৰ উদাহৰণ আছে ৷  এইবাৰো তেনে এক ঘটনাই সংঘটিত হৈছে কলিয়াবৰত ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে কলিয়াবৰত শেহতীয়াকৈ বন্যহস্তীৰ তাণ্ডৱত বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে কলিয়াবৰবাসী ৷ প্ৰত্যেক দিনাই কলিয়াবৰৰ কেইবাখনো গাঁৱত বন্যহস্তীৰ জাকে চলাই গৈছে উপদ্ৰৱ ৷ হাতীৰ উপদ্ৰৱত গঞা ৰাইজৰ যেন এক প্ৰকাৰে নিৰাপত্তা নোহোৱা হৈ পৰিছে । এই লৈ ই টি ভি ভাৰত অসমত ধাৰাবাহিক বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰি অহা হৈছে ৷ কিন্তু তথাপিও যেন এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

যোৱা নিশা পুনৰ জখলাবন্ধাৰ সৰুভগীয়া গাঁৱৰ পাঁচটা পৰিয়ালৰ বাসগৃহত বন্যহস্তীয়ে চলালে উপদ্ৰৱ (Elephant destroyed house in Kaliabor) ৷ ঘৰৰ পকী বেৰ, খিৰিকী, ভঁৰাল ভাঙি বিস্তৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে । কোনোমতে প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ । হাতীৰ উপদ্ৰৱত এক প্ৰকাৰে গঞাৰ খাৱন-শোৱন নোহোৱা হৈছে কলিয়াবৰত (Wild elephant menace in Kaliabor)।

নিশা হ’লেই ৰাইজৰ মাজত বিৰাজ কৰে আতংকময় পৰিৱেশে । কপালৰ ঘাম মাটিত পেলাই খেতি কৰি চপাই অনা ধানখিনিও ঘৰৰ ভিতৰত সুৰক্ষিত কৰি ৰাখিব পৰা নাই । পকী বেৰ ভাঙি ধান খাই তহিলং কৰিছে হাতীৰ জাকটোৱে । এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগক কাতৰ আহ্বান গঞা ৰাইজৰ, হাতী খেদাৰ ব্যৱস্থা কৰি ৰাইজক নিৰাপত্তা দিয়ক । নহ’লে ঘৰ এৰি ক’লৈ যাব বুলিও প্ৰশ্ন কৰিছে চৰকাৰক । 

কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্য, চুবুৰীয়া কাৰ্বি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰে সহাৱস্থান কৰিব লগা হৈছে এতিয়া কলিয়াবৰবাসীয়ে ৷

লগতে পঢ়ক: Wild elephant terror in Kaliabor: বন্যহস্তীৰ উপদ্ৰৱত ম্লান পৰিল কলিয়াবৰবাসীৰ ভোগালী বিহু

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.