ভালুকৰ সন্ধানত বন বিভাগৰ তীব্ৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:21 PM IST

thumbnail

গোলাঘাট, 2 ডিচেম্বৰ : দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ ইটাখলি অঞ্চলত আতংকৰ সৃষ্টি কৰা এটা ভালুক বিচাৰি গোলাঘাট জিলাৰ বন বিভাগৰ 13 জনীয়া দলৰ তীব্ৰ অভিযান ৷ দেৰগাঁও জেলেহুৱা গাঁৱৰ ইটাখলি অঞ্চলত কেইবাদিন ধৰি ভালুকে আতংকৰ সৃষ্টি কৰি আহিছে ৷ এই ভালুকৰ সন্ধানতে গোলাঘাট বন বিভাগৰ লোকৰ লগতে দেৰগাঁও খণ্ড বন বিভাগৰ লোকে চলাইছে অভিযান ৷

বন বিভাগে বিভিন্ন পন্থা অৱলম্বন কৰিছে যদিও বৰ্তমানলৈকে ভালুক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷ ভালুকে সন্ত্ৰাস সৃষ্টি কৰা এই অঞ্চলত সন্ধিয়া হোৱাৰ লগে লগে স্থানীয় ৰাইজে ঘৰৰ ভিতৰতে বন্দী হৈ দিন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি অঞ্চলটোত ভালুকে আতংকৰ সৃষ্টি কৰি আহিছে ৷ 

লগতে পঢ়ক : তেজপুৰত ছ্যু-কা-ফা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.