Police wife cheated husband: যাৰ যহত শাক-সেন্দুৰ, তাকে পাতে ভোকোৰা এন্দুৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:03 PM IST

Updated : Oct 5, 2023, 10:16 PM IST

thumbnail

ডিব্ৰুগড়,৫ অক্টোবৰ: ডিব্ৰুগড়ৰ টিংখাঙত এজন দুৰ্ভগীয়া স্বামীৰ দুৰ্দশাৰ কাহিনীয়ে চকু কঁপালত তুলিছে সকলোৰে । ঘটনা অনুসৰি ২০১৫ চনতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ টিংখাঙৰ শালমাৰী কদমনী গাঁৱৰ টিংকু গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যুৱতীগৰাকী । দিন হাজিৰা কৰি টিংকু গগৈয়ে পত্নীক উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈকে পঢ়ুৱাইছিল । ইয়াৰ পাছতেই শেহতীয়াকৈ অসম চৰকাৰে চাকৰি মুকলি কৰাত এবছৰৰ পূৰ্বে অসম আৰক্ষীত চাকৰি লাভ কৰিবলৈ সক্ষম হয় টিংকুৰ পত্নীয়ে ।  

বৰ্তমান কুসুম বড়া অসম আৰক্ষীৰ CID বিভাগত কৰ্মৰত বুলি জানিব পৰা গৈছে । এতিয়া স্বামী পৰিয়ালৰ অভিযোগ যে অতি কষ্ট কৰি দিন হাজিৰা কৰি, অট' চলাই পঢ়ুৱাইছিল পত্নীক । কিন্তু চাকৰি লাভ কৰা পাছৰে পৰা পত্নীয়ে সম্পৰ্ক এৰাই চলিছে স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ লগত । টিংকু গগৈয়ে কৰা অভিযোগ মতে বৰ্তমান তেওঁৰ সৈতে কোনো যোগাযোগ নকৰে পত্নীয়ে ।  

তেওঁৰ সৈতে পত্নীয়ে সম্পৰ্ক ছেদ কৰা বুলিহে সংবাদ মাধ্যমৰ আগত সদৰী কৰে টিংকুৱে । তদুপৰি টিংকুৱে কৰা অভিযোগ অনুসৰি চাকৰিৰ বাবে কৰা আবেদন পত্ৰতো অবিবাহিত বুলিহে উল্লেখ কৰিছিল তেওঁৰ পত্নীয়ে । কিন্তু ভোটাৰ লিষ্টতো তেওঁৰ স্বামী টিংকু বুলিয়েই উল্লেখ আছে বুলি দাবী কৰে স্বামী টিংকুৱে । টিংকুৱে জানিবলৈ দিয়া অনুসৰি অন্য যুৱতীক পুনৰ বিয়া পাতি ল'বলৈ আৰু বিয়াৰ খৰচ পত্নীয়ে দিম বুলি জনাইছে ।  

চাকৰি লাভ কৰি এই ধৰণে দৰিদ্ৰ পৰিয়ালটোক লৈ এই আচৰণ কৰাত দুখত ভাগি পৰিছে পৰিয়ালটো । এতিয়া টিংকুৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ । এতিয়া স্বামী বুলি দাবী কৰা টিংকু গগৈৰ এই অভিযোগ অসম আৰক্ষীত কৰ্মৰত পত্নীয়ে কেনেদৰে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয় ।  

লগতে পঢ়ক: Road accident: বৰপেটাৰোডত শোকাৱহ পথ দুৰ্ঘটনা

Last Updated : Oct 5, 2023, 10:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.