জোনাইত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:51 PM IST

thumbnail

জোনাই, ১৮ ডিচেম্বৰ : জোনাইত সোমবাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সভা পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰা হয় ৷ ভাৰত চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন আচঁনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ লগতে এই আচঁনিসমূহ কেনেদৰে লাভ কৰিব পাৰি সেইবোৰৰ বিষয়ে ৰাইজক জনোৱাৰ উদ্দেশ্যে চৰকাৰে সকলো পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ৷

আজি মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ উদ্যোগত চিলে আৰু বাহিৰ জোনাই গাঁও পঞ্চায়ত জোনাইত প্ৰথমটো বিকাশিত ভাৰত যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ৷ মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি এই কাৰ্যসূচীত অংশ লোৱা চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সৈতে মত বিনিময় কৰে আৰু চৰকাৰী আচঁনিসমূহৰ ক্ষেত্ৰত ৰাইজক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত অংকুৰ ভৰালী, সহকাৰী আয়ুক্ত শান্তনু গগৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ বৰুৱাৰ লগতে জোনাই মহকুমাৰ সকলো চৰকাৰী বিভাগৰ মুৰব্বী আৰু কৰ্মচাৰীৰ উপৰিও ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : জোনাইত আছুৰ নৱ-নিযুক্ত দায়িত্ববাহীক অভিনন্দন অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.