Demanding bribe: চৰকাৰী কাৰ্যালয়ত ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল

By

Published : Aug 2, 2023, 9:37 AM IST

Updated : Aug 9, 2023, 9:54 PM IST

thumbnail

কৰিমগঞ্জ, 02 আগষ্ট: ধোঁৱা চাঙত উঠিছে নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা দুৰ্নীতি বিৰোধী নীতি ? কাৰণ চৰকাৰী দৰমহাই পেট নভৰা হৈছে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ এইবাৰ হাইলাকান্দিত চৰকাৰী কৰ্মচাৰীয়ে ৩ হাজাৰ টকা উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ আনহাতে, পেন্সনৰ ধন পাবলৈ হ’লে চৰকাৰী কৰ্মচাৰীক দিব লাগে ধন ৷ অন্যথা ফাইল লৰ-চৰে নহয় ৷ এই অভিযোগ এজন যুৱকৰ ৷ 

জানিব পৰা মতে, যুৱকজনে দেউতাকৰ পেন্সনৰ কাৰণে দীৰ্ঘদিনে ৰেচম বিভাগৰ কাৰ্যালয়লৈ আহিছিল ৷ কিন্তু ৰেচম বিভাগৰ কৰ্মচাৰীয়ে যুৱকজনৰ পৰা দাবী কৰিছিল ধন ৷ সেই দাবী কৰা ধন হিচাপে আগতীয়াকৈ 3 হাজাৰ টকা দিলে যুৱকজনে ৷ কাৰণ যুৱকজনে চৰকাৰী অফিচলৈ আহি ভাগৰি গৈছে ৷ ধন নিদিলে কাম কৰি নিদিয়ে চৰকাৰী কৰ্মচাৰীয়ে ৷ এতিয়া এই সকল দুৰ্নীতিত লিপ্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে বিভাগীয় কৰ্তৃপক্ষই !

লগতে পঢ়ক: Unlawful activity in Karimganj: কৰিমগঞ্জৰ শনি মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰ

Last Updated : Aug 9, 2023, 9:54 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.