লাহোৱালত শ্ৰমিক ৰাইজৰ সৈতে মোদীৰ মন কি বাত শুনিলে সৰ্বানন্দ সোণোৱালে

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 3:46 PM IST

thumbnail

ডিব্ৰুগড়, 31 ডিচেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা মন কি বাত কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, চৰকাৰৰ পৰিকল্পনা আদি সামৰি মন কি বাতৰ জৰিয়তে দেশবাসীক বিভিন্ন দিহা-পৰামৰ্শ দি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

দেওবাৰে ২০২৩ বৰ্ষৰ অন্তিমটো মন কি বাত অনুষ্ঠান সম্পূৰ্ণ হয় । ডিব্ৰুগড়ৰ লাহোৱালৰ মটক চাহ বাগিচাৰ খেৰমাটি লাইনত শ্ৰমিক ৰাইজৰ সৈতে মোদীৰ মন কি বাত শুনিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানৰ শ্ৰোতাৰূপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ উন্নয়নৰ বাবে চাৰে ন বছৰত মোদীৰ যি অৱদান সেই বিষয়ে ৰাইজৰ আগত আলোকপাত কৰে ।

ইয়াৰোপৰি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহ উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । আনহাতে ৰাজ্যবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: উন্নত ভাৰতৰ মনোভাৱ আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱেৰে ৰঞ্জিত দেশ: প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.