Asam Sahitya Sabha: সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন সফল কৰাৰ বাবে অমিয় ভূঞাক ধন্যবাদ সৰ্বানন্দ সোণোৱালৰ

By

Published : Feb 4, 2023, 10:50 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

বিহপুৰীয়া, 4 ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) নাৰায়ণপুৰ অধিৱেশনৰ অন্তিমটো দিনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি বিধায়ক অমিয় কুমাৰ ভূঞাৰ (MLA Amiya Kumar Bhuyan) লগতে সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বিধায়ক তথা সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত দিনে-নিশাই কষ্ট কৰি অধিৱেশনখন সফল হোৱাত অৰিহণা যোগালে ৷ লগতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাৰ লগতে সমিতিখনৰ কাৰ্যকাল সফল হোৱাৰ বাবে সোণোৱালে শুভেচ্ছা জনায় ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ ষটসপ্ততিতম নাৰায়ণপুৰ অধিৱেশন 31 জানুৱাৰীত আৰম্ভ হৈ শনিবাৰে অন্তিমটো দিনত উপনীত হয় ৷ অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে (Union minister Sarbananda Sonowal) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অন্তিম দিনাৰ মূল সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ যি সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়ায় মানস ৰবীন, বিপিন চাউদাং, দীপলিনা ডেকা আৰু জুবলিয়ে আদিয়ে ৷

সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধনৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অসম সাহিত্য সভাৰ সংগ্ৰহালয়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় (Asam Sahitya Sabha museum) ৷ তেওঁ কয় যে, অসম সাহিত্য সভাৰ এটা সংগ্ৰহালয়ৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ৷ তেওঁ কয়- ‘‘অসম সাহিত্য সভাই ইতিমধ্যে 105 বছৰ অতিক্ৰম কৰিছে ৷ সাহিত্য সভাৰ দীৰ্ঘদিনীয়া শক্তিশালী ইতিহাস আছে ৷ পদ্মনাথ গোহাঞি বৰুৱাই (Padmanath Gohain Baruah) প্ৰথমবাৰৰ বাবে সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সোণালী যাত্ৰা আৰম্ভ কৰিছিল ৷ গতিকে বহু মহান সাহিত্যিকৰ যিসমূহ অৱদান আছে সকলোবিলাক অৱদান স্মৃতিৰ পাতত চিৰস্মৰণীয় কৰি ৰাখিবলৈ সংগ্ৰহালয়ৰ প্ৰয়োজন’’৷

লগতে পঢ়ক: Auniati Satra Majuli: অসমীয়া বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তীৰ আয়োজন মাজুলীত

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.