Ulfa cadre surrendered: তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:13 AM IST

thumbnail

তিনিচুকীয়া, 3 নৱেম্বৰ: আলফা স্বাধীনত ন ন যুৱক-যুৱতীসকলে যোগদান কৰি থকাৰ সমান্তৰালকৈ পুনৰ মূলসুঁতিলৈ উভতি অহাৰ প্ৰক্ৰিয়াও অব্যাহত  ৷ বৃহস্পতিবাৰৰ নিশা ফিল’বাৰী আৰক্ষী থানাত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে এগৰাকী আলফা(স্বাঃ)ৰ সদস্যই ৷ আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্যগৰাকীৰ নাম পলাশ মৰাণ ওৰফে গোপাল অসম ৷ 

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা কেডাৰগৰাকীয়ে ৷ আত্মসমৰ্পণৰ সময়ত কোনো অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক দিছে নে সেয়া জানিব পৰা হোৱা নাই ৷ আত্মসমৰ্পণকাৰী আলফা সদস্যগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ 2 নং নলনী গাঁৱত ৷ জানিব পৰা মতে পলাশ মৰাণে 2021 চনত আলফা স্বাধীনত যোগদান কৰিছিল ৷ 

ফিল’বাৰী আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে আলফা স্বাধীনৰ সদস্যগৰাকীক সোধা-পোচা কৰাৰ পাছতে মাজনিশা তিনিচুকীয়ালৈ লৈ আনে তিনিচুকীয়া আৰক্ষীয়ে ৷ অৱশ্যে কি কাৰণে পলাশ মৰাণে আত্মসমৰ্পণ কৰিলে সেয়া জানিব পৰা হোৱা নাই যদিও পলাশ মৰাণে সন্ধিয়া হঠাৎ ঘৰত আহি উপস্থিত হোৱাত পৰিয়ালৰ লোকে আচৰিত হৈ ফিল’বাৰী আৰক্ষী থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত পলাশে আত্মসমৰ্পণ কৰে বুলি জানিব দিয়ে ৷

লগতে পঢ়ক: Manash Bargohain joins ULFA I : আলফা(স্বা)লৈ গ’ল গোলাঘাটৰ মৰাণ গাঁৱৰ যুৱক মানস বৰগোহাঁই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.