ড্ৰাগছে ছানি ধৰিছে ৰাজ্য, ক্ষোভত ফাটি পৰিছে গঞা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:19 PM IST

thumbnail

গোলাঘাট, 18 ডিচেম্বৰ : গোলাঘাটৰ ৰূপকলীয়া চাৰিআলিত আটক দুটা ড্ৰাগছ আসক্ত ৷ আটকাধীন দুয়ো হৈছে অজিত দত্ত আৰু তৰুণ বৰা ৷ গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে ৰূপকলীয়া চাৰিআলিত ড্ৰাগছসহ আটক কৰে দুয়োকে ৷ দুয়োৰে পৰা প্ৰায় পঞ্চাশ হাজাৰ টকা মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ 

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি ইতিমধ্যে বহু নৱ-প্ৰজন্ম ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতো ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে সৰবৰাহ ।

লগতে পঢ়ক : তিনিচুকীয়াত ড্ৰাগছসহ আটক 7 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.