Road accident in Nalbari: নলবাৰীত নিশা সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহত দুজন

By

Published : Mar 15, 2023, 10:51 AM IST

thumbnail

নলবাৰী, ১৫ মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Nalbari) । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰা চ’কত AS 25 FC 2389 নম্বৰৰ বাছ এখন ধুই থকাৰ সময়তে বৰপেটা দিশৰ পৰা অহা এখন ডাম্পাৰে মহটিয়াই নিয়ে বাছখনৰ হেণ্ডিমেন আৰু কণ্ডাক্টৰক । ফলত থিতাতে প্ৰাণ হেৰুৱাব লগা হয় দুয়োগৰাকী লোকে (two killed in a road accident) । নিহত দুয়োগৰাকীৰ নাম নলবাৰীৰ পিটনীপাৰাৰ কৈলাস কলিতা আৰু ঘগ্ৰাপাৰ আল্লিয়াৰ বশিষ্ঠ মজুমদাৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ দুটা নলবাৰী চিভিল হাস্পতালৰ মৰ্গলৈ লৈ যায় ৷

উল্লেখযোগ্য যে নলবাৰীত এতিয়া দিনে নিশাই দেখিবলৈ পোৱা যায় ডাম্পাৰৰ সন্ত্ৰাস (Rush of dumper on Road) । ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অধিকাংশ পথতে বৃদ্ধি পোৱা ডাম্পাৰৰ দৌৰাত্মৰ ফলত সংঘটিত বহুকেইটা দুৰ্ঘটনাত ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়াও হৈছে অসংখ্য লোক । ইয়াৰ পিছতো এইসমূহ ডাম্পাৰক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আহিছে নলবাৰী পৰিবহণ বিভাগ, বন বিভাগৰ লগতে আৰক্ষী । যাৰ ফলত নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত শিল, বালি, মাটি আদি কঢ়িওৱাৰ নামত পথত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে এইসমূহ ডাম্পাৰে ৷

লগতে পঢ়ক : Naga encroachers set fire in Assam: নিশা অসমৰ বনাঞ্চলত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.