Road Accident in Kaliabor: কলিয়াবৰত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত দুই চালক

By

Published : Jan 6, 2023, 2:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কলিয়াবৰৰ ৰাজপথত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Kaliabor)৷ বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানস্থিত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাঞ্চনজুৰিত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত ট্ৰাক দুখনৰ চালক দুয়োজন গুৰুতৰভাৱে আহত হয় ৷ ঘটনাস্থলীত বাগৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত চালক দুজনক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় (Two injured in road accident)৷ আঘাত গুৰুত্বৰ হোৱা বাবে আহত দুই চালকক পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ (Tezpur medical college hospital) প্ৰেৰণ কৰা হয় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.