Two held with handgun: মহানগৰীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত পিষ্টলসহ দুজনক আটক

By

Published : Dec 30, 2022, 5:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

মহানগৰী আৰক্ষীয়ে (Guwahati city police) শুকুৰবাৰে দুপৰীয়া আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত (Inter-State Bus Terminals) নাকা তালাচী চলোৱা সময়তে পিষ্টলসহ দুই যুৱকক আটক কৰে । আটক কৰা যুৱক দুজন ক্ৰমে ৰাজুদেৱ আৰু আব্দুৰ ৰহমান বুলি জানিব পৰা হৈছে (Two Held With Pistol at ISBT) ৷ ধৃত দুটাৰ পৰা আৰক্ষীয়ে এটা 7.56mm পিষ্টল উদ্ধাৰ কৰে । আব্দুৰ ৰহমানে পিষ্টলটো ৰাজুদেৱক ৫০হাজাৰ টকাত বিক্ৰী কৰিবলৈ আনিছিল । ৰাজুদেৱ আৰু আব্দুৰ ৰহমান শিলচৰৰ পৰা গুৱাহাটীলৈ আহিছিল বুলি জানিব পৰা হৈছে । তেওঁলোকে অৰুণাচলৰ পৰা পিষ্টলটো অনাৰ কথা স্বীকাৰ কৰে । আব্দুৰ ৰহমানৰ ঘৰ শিলচৰত আৰু ৰাজুদেৱৰ ঘৰ ত্ৰিপুৰাত । বৰ্তমান গড়চুক আৰক্ষীয়ে দুয়োৰে সোধপোচ অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.