Anti Drugs Raid: ড্ৰাগছ সহ দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:52 PM IST

thumbnail

চামগুৰি, 19 ছেপ্টেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নগাঁও জিলাৰ চামগুৰিত দুটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ শোণিতপুৰৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰা হৈছে ৷ আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাধুৰ্য্য পেগুৱে যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ 

এক গোপন সূত্ৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া মাধুৰ্য্য পেগুৰ তত্বাৱধানত এটা আৰক্ষীৰ দলে অভিযান চলাই চামগুৰিত হেৰ’ইন ভৰ্তি 2 টা চাবোনৰ বাকচৰ পৰা 82.5 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। লগতে দুই সৰবৰাহকাৰীকো আটক কৰে বুলি জানিব পৰা গৈছে ৷ সৰবৰাহকাৰী দুটাই শোণিতপুৰৰ পৰা হেৰ’ইনখিনি লৈ আহিছিল বুলি জানিব পৰা গৈছে ৷

আটকাধীন দুই সৰবৰাহকাৰী বৰচলা থানাৰ অন্তর্গত চিৰাজুলি গাঁৱৰ জহুৰ আলী আৰু তেজপুৰ পৰুৱা চাৰিআলিৰ জামিৰ উদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Gang Rape With Tribal Woman: জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.