Road Accident in Dibrugarh : ডিব্ৰুগড়ৰ বগীবিলত দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Aug 17, 2023, 5:53 PM IST

Updated : Aug 17, 2023, 6:35 PM IST

thumbnail

ডিব্ৰুগড়, 17 আগষ্ট : ডিব্ৰুগড়ৰ বগীবিলত দলঙৰ সমীপৰ ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন বাইক আৰোহী ৷

জানিব পৰা মতে ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখী AS 12 AB 2517 নম্বৰৰ বাইকখনত দুজন যুৱক গৈ থকা অৱস্থাত বিপৰীত দিশৰ অহা AS 07 T 3274 নম্বৰৰ এখন টাটা টিয়াগ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ হয় ৷ ফলত থিতাতে নিহত হয় যুৱক দুজন ৷  

নিহত হোৱা যুৱক দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত বগীবিল আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে ।

লগতে পঢ়ক : Sipajhar Mob lynching: ছিপাঝাৰত গণ প্ৰহাৰত ছাগলী চোৰৰ মৃত্যু

Last Updated : Aug 17, 2023, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.