আৰক্ষীৰ বাহনৰ খুন্দাত কাছাৰত দুই বাইক আৰোহী ছাত্ৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:49 PM IST

thumbnail

শিলচৰ, 8 জানুৱাৰী : আৰক্ষীৰ বাহনৰ খুন্দাত কাছাৰত মৃত্যু হয় দুই বাইক আৰোহী ছাত্ৰৰ । শিক্ষকৰ জানাজা (শেষকৃত্য) সমাপ্ত কৰি বাইক লৈ ঘৰলৈ উভতি অহাৰ সময়তে আৰক্ষীৰ বাহনৰ সৈতে সংঘৰ্ষ হয় ৷ ফলত দুই বাইক আৰোহী ছাত্ৰৰ মৃত্যু ঘটে । শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাই সপ্তগ্ৰামত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

জানিব পৰা মতে, সোমবাৰে ধলাই হাওয়াইথাঙৰ নজৰুল ইছলাম নামৰ এগৰাকী শিক্ষকৰ জানাজালৈ গৈছিল কাছাৰ কাবুগঞ্জৰ মুস্তুফা আহমেদ আৰু আসাদ গনি নামৰ দুই ছাত্ৰ ৷ শিক্ষকৰ জানাজা সমাপ্ত কৰি দুই ছাত্ৰ বাইকৰে ঘৰলৈ বুলি বাট লয় ৷ তেনেতে ধলাই সপ্তগ্ৰামত লায়লাপুৰ আৰক্ষীৰ বাহনে পিচফালৰ পৰা আহি বাইকত খুন্দা মাৰে । ফলত সম্মুখৰ পৰা আহি থকা এখন অল্ট’ বাহনৰ সম্মুখত পৰি গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী ছাত্ৰ ।

পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকসকলে আহত দুই আৰোহীক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় হাস্পতালত লৈ যায় যদিও সংকটজনক অৱস্থাত দুয়োকে চিকিৎসকে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । কিন্তু মেডিকেল কলেজলৈ নিয়াৰ পথতে দুই বাইক আৰোহী ছাত্ৰৰ মৃত্যু হয় ।

লগতে পঢ়ক : পুনৰ অগপলৈ উভতিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.