Illegal liquor joints : টীয়কত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ, দুজনক গ্ৰেপ্তাৰ

By

Published : Aug 4, 2023, 5:15 PM IST

thumbnail

টীয়ক, 4 আগষ্ট : টীয়কত সষ্টম হৈ পৰিছে আবকাৰী বিভাগ ৷ আবকাৰী বিভাগৰ লোকে প্ৰতিদিনে সমগ্ৰ টীয়কতে অভিযান চলাই নষ্ট কৰিছে বহু পৰিমাণৰ দেশীয় সুৰাৰ লগতে অবৈধ বিলাতী সুৰা ৷ বিগত প্ৰায় এমাহে অবৈধ সুৰাৰ বেপাৰীৰ নিদ্ৰাহৰণ কৰিছে টীয়ক আবকাৰী বিভাগে ৷ 

ইয়াৰোপৰি আবকাৰী বিভাগক পোনপটীয়াকৈ সহযোগিতা আগবঢ়াইছে টীয়ক আৰক্ষীয়ে। শুকুৰবাৰে পুনৰ এক গোপন তথ্যৰ পম খেদি টীয়ক আবকাৰী বিভাগ আৰু টীয়ক আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই টীয়কৰ উমাবাৰী অঞ্চলৰ পৰা বুজন পৰিমাণৰ দেশীয় আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে অবৈধ ঘাটিৰ সৈতে জড়িত দুজনকৈ অবৈধ সুৰাৰ বেপাৰীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, এই অবৈধ সুৰাৰ ঘাটিবোৰে বিশেষকৈ গ্ৰামাঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিছে আৰু নৱ প্ৰজন্মকো বিপথে পৰিচালিত কৰিছে ৷ সেয়ে এইসমূহ অনৈতিক কাম কাজ নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাইজৰ সহায় সহযোগিতা আশা কৰিছে টীয়ক আবকাৰী বিভাগে । লগতে এই অভিযান নিৰন্তৰভাৱে চলাই থাকিব বুলিও জানিবলৈ দিছে বিভাগটোৱে ।

লগতে পঢ়ক: Pub G Terror: বিবাহিত মহিলাক বিয়াৰ প্ৰলোভন দি ধৰ্ষণ পাব জিত লগ পোৱা বন্ধুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.