ডিব্ৰুগড়ত পুৱাই দুটাকৈ দুৰ্ঘটনা, দুজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 1:46 PM IST

thumbnail

মৰাণ, 23 নৱেম্বৰ : ডিব্ৰুগড় জিলাত মৃত্যুৰ কিৰিলি ৷ বৃহস্পতিবাৰৰ পুৱাই জিলাখনৰ দুটাকৈ অঞ্চলত দুটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷

প্ৰথমটো দুৰ্ঘটনাত চহৰখনৰ উত্তৰ আমোলাপট্টী চাৰিআলিত ট্ৰাকে মহতিয়াই নিয়াৰ ফলত এজন লোক থিতাতে মৃত্যু হয় ৷ ৰাষ্ট্ৰীয় ঘাইপথ সংযোজিত ব্যস্ত চাৰিআলিটোত পুৱাই মদৰ ৰাগীত মাতাল হৈ খোজকাঢ়ি থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰে। বৰ্তমানেও লোকজনৰ পৰিচয় জানিব পৰা নাই ৷

আনহতে দ্বিতীয়টো দুৰ্ঘটনাত, ডিব্ৰুগড়ৰ বঙালগাঁৱত সংঘটিত হৈছে আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা । এজন লোকৰ ঘৰত AS04BC 8952 নম্বৰৰ এখন ডাম্পাৰে শিল পেলাবলৈ লওঁতেই অসাৱধানৱশতঃ 11 হাজাৰ কিলোৱাট বৈদ্যুতিক তাঁৰত লাগি ডাম্পাৰখন ভস্মীভূত হোৱাৰ লগতে চালকজন থিতাতে নিহত হয়। নিহত চালকজন থাওৰা বামুণবাৰীৰ আতিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: মাতৃৰ চিকিৎসাৰ বাবে গৈছিল গৃহস্থ, খালী বাসগৃহত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.