Illegal liquor seized: বগীনদীত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

By

Published : Feb 6, 2023, 12:49 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

বিশ্বনাথ, ৬ ফেব্ৰুৱাৰী : ৰাজ্য়জুৰি অব্য়াহত আছে সুৰা বিৰোধী অভিযান । বিশ্বনাথ আৰক্ষীয়েও অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ মাজতেই বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী আৰু বৰগাং আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা (Illegal liquor seized in Biswanath)। দেওবাৰে বিহালী আৰক্ষী আৰু বৰগাং আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাই অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । জিলা আৰক্ষী অধীক্ষক নবীন সিঙে উল্লেখ কৰা অনুসৰি MNO3T1401 নম্বৰ ১২ চকীয়া ট্ৰাকখনত অবৈধ অৰুণাচলী সুৰাখিনি মণিপুৰলৈ নি থকাৰ তথ্য লাভ কৰিছিল বিহালী আৰক্ষীয়ে ।

ইফালে, এই তথ্যৰ ভিত্তিত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বে'ৰ নেতৃত্বত এটি আৰক্ষী দলে অভিযান চলোৱাৰ সম্ভেদ পাই ট্ৰাকখনে পলায়নৰ চেষ্টা কৰে । অৱশ্য়ে দেওবাৰে পুৱাৰ ভাগত লখিমপুৰ আৰক্ষীৰ সহযোগত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বগীনদীত বৰগাং আৰক্ষী আৰু বিহালী আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । 

আনহাতে, সুৰা সৰবৰাহত জড়িত থকা ট্ৰাকখনৰ চালক লিউ সিং (৩২) আৰু হেণ্ডিমেন ডিংকু সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Two arrested with illegal liquor)। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত চিমেন্ট আৰু ইটাৰ মাজত লুকুৱাই বিভিন্ন ব্ৰেণ্ডৰ ৯২৯ কাৰ্টন অবৈধ অৰুণাচলী সুৰা আনিছিল । ইয়াৰে ৯২৯ কাৰ্টনত ২৪ হাজাৰ ৫ ১৬ বটল অৰুণাচলী সুৰ অনা হৈছিল । 

এই সুৰাখিনিৰ মূল্য প্ৰায় ৩৭ লাখ টকাৰ হ'ব বুলি আৰক্ষী অধীক্ষক নবীন সিঙে উল্লেখ কৰিছে । উল্লেখ্য় যে, আৰক্ষীৰ অভিযানৰ পিচতো বিশ্বনাথৰ বিভিন্ন স্থানত অবাধে অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বেহা (Illegal Arunachal liquor trade continues)। আনহাতে, বিশ্বনাথৰ বৰগাং দেওবাৰীয়া সাপ্তাহিক বজাৰ, বিহমাৰী সাপ্তাহিক বজাৰকে ধৰি বিভিন্ন বজাৰত দীৰ্ঘদিন ধৰি অবৈধ ভাৱে চুলাই বিক্ৰী হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক: Visa appointment for abroad: ভিছাৰ বাবে এতিয়া চিন্তা নাই; দিল্লীস্থিত আমেৰিকাৰ দূতাবাসে আগবঢ়াইছে বিশেষ সুবিধা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.