ট্ৰাক চালকৰ প্ৰতিবাদত কঁপিল তেজপুৰ

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 8:30 PM IST

thumbnail

তেজপুৰ,২ জানুৱাৰী: মঙলবাৰে সমগ্ৰ দেশৰ লগতে তেজপুৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক চালকসকলে । কেন্দ্ৰীয় চৰকাৰে দেশত নতুনকৈ প্ৰচলন কৰিবলৈ লোৱা হিট এণ্ড ৰান গোচৰৰ কাৰদণ্ড বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে চালকসকলে মঙলবাৰে তেজপুৰৰ বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁড়ালৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী । ভাৰত চৰকাৰ ট্ৰাক চালকৰ ওপৰত নিৰ্ধাৰণ কৰা এই আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ট্ৰাক চালকসকল ।  

বিন্দুকুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁড়ালৰ সমীপত ধৰ্ণা দি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আগন্তুক চাৰিদিনৰ বাবে অসহযোগ কাৰ্যসুচী লোৱা বুলি ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, এই আইন অনুসৰি কোনো চালকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে পূৰ্বৰ ২ বছৰ কাৰাদণ্ডৰ পৰিৱৰ্তে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিব ভাৰতীয় দণ্ডবিধি ৩০৪ ধাৰা অনুসৰি । সেয়ে এনে সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে চালকসকল ।

লগতে পঢ়ক: আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.