Protest against price hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত তৃণমূল কংগ্ৰেছৰ বিক্ষোভ

By

Published : Aug 21, 2023, 5:00 PM IST

thumbnail

ধেমাজি, ২১ আগষ্ট: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে ধেমাজিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছ কমিটিৰ ধেমাজি জিলা সমিতিয়ে ৷ ধেমাজি সদৰৰ ৰাজপথেৰে বিশাল সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত খাদ্য-সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনাই বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে তৃণমূল কংগ্ৰেছৰ ধেমাজি জিলা সমিতিৰ নেতৃবৃন্দই ৷

ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল সোণোৱালে চৰকাৰ তথা যোগান বিভাগক তীব্ৰ সমালোচনা কৰি কয় যে, ৰাজ্যত এটা বিয়াগোম যোগান বিভাগ থকা সত্বেও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাই ৷ যোগান মন্ত্ৰীয়ে কেৱল টুলুঙা মন্তব্য কৰিয়েই দায়িত্ব সামৰাহে পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Protest in Dibrugarh: মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল ডিব্ৰুগড়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.