বছা-ভৰলুৱা গাঁৱত আজি ১১ জনকৈ লোকৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 1:30 PM IST

thumbnail

গোলাঘাট, ১৩ জানুৱাৰী: ভোগালীৰ কোনো উচাহ নাই গোলাঘাটৰ এখন গাঁৱত ৷ গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত মৰিশালিৰ নিস্তব্ধতা ৷ আজি অৰ্থাৎ শনিবাৰে গাঁওখনত আয়োজন কৰা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা ১১ জনকৈ লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি ৷ সকলো শোকত ম্ৰিয়মাণ ৷ বৈদিক নীতি-নিয়মেৰে সম্পন্ন কৰা হ’ব আদ্যশ্ৰাদ্ধৰ কাম ৷

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পুৱতি নিশা গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া অভিমুখে বনভোজ খাবলৈ গৈ থকা এখন যাত্ৰীবাহী বাছৰ দেৰগাঁওৰ বালিজানত বিপৰীত দিশৰ পৰা আহি থকা কয়লা ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল ৷ এই দুৰ্ঘটনাত শিশুসহ ১২ জনকৈ লোক নিহত হৈছিল । ইয়াৰ পাচৰে পৰা বছা-ভৰলুৱা গাঁৱত বিৰাজ কৰিছে শোকাকুল পৰিবেশে । এই সন্দৰ্ভত বছাভৰলুৱাৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ...

লগতে পঢ়ক: এইবাৰ মাঘৰ মেজি নজ্বলে বছা ভৰলুৱা গাঁৱত; উৰুকাৰ ভোজ-ভাতৰো নাই আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.