37 No NH Blocked: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাগৰিল গছ, স্তব্ধ যাতায়ত ব্যৱস্থা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:45 PM IST

thumbnail

কলিয়াবৰ, 7 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় পথত অঘটন সংঘটিত হৈছে ৷ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত সৰুভগীয়াৰ ৰাজপথত বৰষুণ আৰু তীব্ৰ বতাহৰ মাজতে উভালি পৰে এজোপা প্ৰকাণ্ড গছ। ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথটোত স্তব্ধ হৈ পৰে উজনি-নামনিৰ যাতায়ত ৷

আজি সন্ধ‍িয়া বৰষুণৰ লগতে অহা প্ৰচণ্ড বতাহৰ ফলত 37 নং ৰাষ্ট্ৰীয় পথটোৰ কাষতে থকা এডাল প্ৰকাণ্ড গছ ৰাজপথৰ মাজতে বাগৰি পৰে। সৌভাগ‍্যবশতঃ এই ঘটনাত কোনো বাহন বা পথাচাৰীৰ হানি-বিঘিনি ঘটা নাই ৷ এই ঘটনাৰ পাচতেই স্থানীয় ৰাইজ, আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ পথটো মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ 

সম্প্ৰতি পথটোৰে সৰু-সৰু বাহন পাৰ হৈছে যদিও ডাঙৰ বাহনসমূহ পথচোৱাৰ পৰা গছডাল আঁতৰ কৰাৰ পাচতহে যাতায়ত কৰিব পাৰিব। ফলত এতিয়া পথৰ দুয়োকাষে বাহনৰ দীঘলীয়া শাৰী দেখা গৈছে ৷ 

লগতে পঢ়ক: Assam Electricity Crisis: উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ; বিদ্যুতৰ দাম বৃদ্ধিৰ যো-জাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.