Fire incident at Dergaon: হঠাৎ দাউ-দাউকৈ জ্বলি উঠিল ট্ৰেন্সফৰ্মাৰ

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:55 PM IST

thumbnail

যোৰহাট, 26 অক্টোবৰ: দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৃহস্পতিবাৰে নিশা দেৰগাঁৱৰ নাৰিকলগুৰিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অঞ্চলটোৰ সদাব্যস্ত লক্ষ্মীনাথ ফুকন পথৰ দাঁতিত থকা এটা বিদ্যুৎ পৰিবাহী ট্ৰেন্সফৰ্মাৰ হঠাৎ দাউ-দাউকৈ জ্বলি উঠে । ফলত অঞ্চলটোত হুৱাদুৱা পৰিৱেশৰ লগতে আতংকময় পৰিৱেশে বিৰাজ কৰে ৷ 

আনহাতে ঘটনাস্থলীত দেৰগাঁৱৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় । ইফালে এই ঘটনা সংঘটিত হোৱা বহু পলমকৈ উপস্থিত হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী । ফলত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বিদ্যুৎ পৰিবাহী ট্ৰেন্সফৰ্মাৰত জুই সূত্ৰপাত হোৱাৰ পাচতে অন্ধকাৰত ডুব যায় অঞ্চলটো ৷ বৰ্তমানেও উক্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে ৷

‘‘ পূৰ্বৰ পৰা আমি বিদ্যুৎ বিভাগক মেৰামতিৰ বাবে বহুৱাৰ দাবী কৰি আহিছিলো ৷ তাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ৷ কিবা অঘটন হোৱা হ’লে দায়িত্ব কোনে ল’লেহেতেন !’’ এই প্ৰশ্ন ৰাইজৰ ৷ 

লগতে পঢ়ক:Dergaon Suicide Case: যুৱকৰ আত্মহত্যাৰ ঘটনা, ডি জি পিৰ নিৰ্দেশৰ পিছতেই গোলাঘাট আৰক্ষীৰ তৎপৰতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.