Child Marriage : কলিয়াবৰত বাল্যবিবাহ বিৰোধী প্ৰশিক্ষণ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:14 PM IST

thumbnail

কলিয়াবৰ, 6 নৱেম্বৰ : সমগ্ৰ দেশতে বাল্যবিবাহ নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে বাল্য বিবাহৰ ঘটনা ৷ সমাজৰ ব্যাধি স্বৰূপ বাল্যবিবাহ ৰোধৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, আমনিৰ অধীনত কলিয়াবৰৰ কেইবাখনো বিদ্যালয়ত সজাগতাৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, আমনি সম্প্ৰসাৰণ কেন্দ্ৰৰ ব্যৱস্থাপনাত মিছা উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন সভা আয়োজন কৰা হয় | এই সভাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে কংকন মেধি আৰু গীতিমা ডেকাই ৷ বাল্যবিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে লৈছে এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী ৷ ‌

লগতে পঢ়ক : Pollution in Assam : ৰাজ্যত শব্দ-বায়ুৰ গুণগত মান পৰীক্ষা; বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.