ETV Bharat / state

Pollution in Assam : ৰাজ্যত শব্দ-বায়ুৰ গুণগত মান পৰীক্ষা; বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 7:36 PM IST

অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰদূষণৰ স্তৰ । বিশেষকৈ উৎসৱৰ বতৰত ইয়াৰ মাত্ৰা অধিক বৃদ্ধি হয় । সেয়ে এইবাৰ সেউজ দীপাৱলী পালনৰ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । লগতে শব্দ আৰু বায়ুৰ গুণগত মান পৰীক্ষাৰ বাবে ৰাজ্যত বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন ।

ৰাজ্যত শব্দ আৰু বায়ুৰ গুণগত মান পৰীক্ষা; বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন
Pollution in Assam

বায়ু প্ৰদূষণ সন্দৰ্ভত অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ মুখ্য বিজ্ঞানীৰ বাৰ্তা

গুৱাহাটী, ৬ নৱেম্বৰ : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা । গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত তীব্ৰ গতিত বৃদ্ধি পাইছে এই প্ৰদূষণৰ হাৰ । যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে জনসাধাৰণৰ । শেহতীয়াভাৱে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে জনসাধাৰণৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু ছালৰ সমস্যা ।

সাধাৰণতে শীতৰ আগমনৰ লগে লগে গুৱাহাটীৰ লগে ৰাজ্যৰ কেইবাখনো চহৰত এই প্ৰদূষণৰ সমস্যা বৃদ্ধি পায় । আনহাতে, উৎসৱৰ বতৰৰ আগমনৰ পিছৰে পৰাই এই মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায় । যাক লৈ জনসাধাৰণৰ লগতে চৰকাৰ তথা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগো উদ্বিগ্ন হৈ পৰে ।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে তৎপৰতা গ্ৰহণ কৰিছে । যিহেতু পোহৰৰ উৎসৱ দীপাৱলী সমাগত । সেয়ে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । কিয়নো দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবাখনো চহৰত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

দীপাৱলীৰ সময়ত ৰাজ্যত শব্দ আৰু বায়ুৰ মান নিৰীক্ষণ কৰিবলৈ অতিৰিক্তভাৱে মনিটৰিং ষ্টেচন স্থাপন কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । ৰাজ্যত ৬৩ টালৈ বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন । কিছুদিন পূৰ্বলৈকে এই মনিটৰিং ষ্টেচনৰ সংখ্যা আছিল ৩২ টা । বৰ্তমান হাফলং, মাজুলী, কাজিৰঙাৰ দৰে অঞ্চলত মনিটৰিং ষ্টেচন স্থাপন কৰা হৈছে । দীপাৱলীৰ প্ৰাক মুহূৰ্তত আৰু দীপাৱলীৰ পিছত প্ৰদূষণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাবে মনিটৰিং ষ্টেচন বৃদ্ধি কৰা হৈছে ।

গুৱাহাটীত পূৰ্বতে স্বয়ংচালিত মনিটৰিং ষ্টেচন আছিল । ইয়াত ১২ টা পেৰামিটাৰ পোৱা যায় । বামুণীমৈদাম আৰু কটনৰ উপৰি অতিৰিক্তভাৱে তিনিটা মনিটৰিং ষ্টেচন বৃদ্ধি কৰা হৈছে । এইকেইটা যোৰাবাট, গুৱাহাটী বিমানবন্দৰ আৰু আইআইটিত স্থাপন কৰা হৈছে । এই ষ্টেচনকেইটাত ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বায়ুৰ গুণগত মান পৰীক্ষা কৰা হ'ব ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই এই সন্দৰ্ভত কয় যে দীপাৱলীৰ সময়ত জ্বলোৱা ফটকা-আতচবাজীয়ে বায়ুমণ্ডলত সৃষ্টি কৰা পাৰ্শ্বক্ৰিয়া আমি সকলোৱে ভুগিবলগা হয় । আনহাতে, দিনে দিনে বায়ু প্ৰদূষণ যিটো হাৰত বৃদ্ধি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে উদযাপন কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক :Delhi Air Quality : ৰাজধানীত শ্বাসৰুদ্ধকৰ পৰিৱেশ; প্ৰদূষণ নিয়ন্ত্ৰণৰ কঠোৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.