Namrup BVFCL: নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত টিএমচিৰ প্ৰতিবাদ

By

Published : Jul 29, 2023, 10:43 PM IST

thumbnail

নাহৰকটীয়া, ২৯ জুলাই: নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত আৰু নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত শনিবাৰে তৃণমূল কংগ্ৰেছ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বিভিন্ন দল-সংগঠনে পৃথকে পৃথকে নিৰবিচ্ছিন্নভাৱে কৰি থকা আন্দোলনৰ ফলত আজি অষ্টম দিনাও নামৰূপৰ পৰিৱেশ উত্তাল হৈ পৰে ৷ ইয়াৰ বিপৰীতে চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দিয়েই এই প্ৰতিবাদ প্ৰশমিত কৰাৰ প্ৰচেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে ৷

চৰকাৰে কাৰখানা আধুনিকীকৰণ কৰা হ’ব বুলি কৈ আছে যদিও ৩৬ বছৰ পুৰণি এটা উদ্যোগ আধুনিকীকৰণ কৰা কথা একেবাৰেই বিজ্ঞান সন্মত কথা নহয় বুলি তৃণমূল কংগ্ৰেছৰ নেতাসকলে উল্লেখ কৰে । লগতে চতুৰ্থ গোট স্থাপনৰ দাবী উত্থাপন কৰে ।  

এই প্ৰতিবাদী কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) তথা ডিব্ৰুগড় জিলা তৃণমূল কংগ্ৰেছৰ তত্বাৱধায়ক গজেন্দ্ৰ প্ৰসাদ উপমন্যু, ৰাজ্যিক সম্পাদক চিন্টু বৰুৱা, অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ মাধৱ দাস, কাৰ্যকৰী সদস্য নন্দ কিশোৰ আচাৰ্য, তিনিচুকীয়া জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হিৰণময়ী গগৈ, ডিব্ৰুগড় জিলা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জিবুল গগৈৰ লগতে বিষয়ববীয়া কাৰ্যকৰ্তাসকল উপস্থিত থাকি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে নামৰূপৰ আকাশ বতাহ কঁপাই তুলে ।

লগতে পঢ়ক: AAP Assam: সাংসদ অজিত কুমাৰ ভূঞাই অসমত ‘আপ’ৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা

                   BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.