Tragic road Mishap: 24 ঘণ্টাত কেইবাটাও পথ দুৰ্ঘটনা, ৰাজপথত মৃতদেহ লৈ ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:06 PM IST

thumbnail

মিৰ্জা, 9 নৱেম্বৰ : কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ কল্লাপাৰাত ৰাজপথত তীব্ৰ প্ৰতিবাদ ৷ ৰাজপথত মৃতদেহ লৈ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ মিৰ্জা চানডুবি সংযোগী পথত বিগত 24 ঘন্টাৰ ভিতৰতে পৃথক পৃথক পথ দুৰ্ঘটনাত পতিত হৈ অমল দাস, চন্দন আলী আৰু অম্লানজ্যোতি দাস নামৰ তিনিজন যুৱকে মৃত্যুক আকোৱালি লয় । এই ঘটাৰ পিচত পথচোৱাত গতিৰোধকৰ দাবী তুলি উত্তপ্ত ৰাইজে । 

লোক নিৰ্মাণ বিভাগ হায় হায়, আমাক গতিৰোধক লাগিবই, অসম আৰক্ষী হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে ৷ পৰৱৰ্তী সময়ত পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া উপস্থিত হৈ ৰাইজৰ দাবী মতে গতিৰোধকৰ ব্যৱস্থা কৰি দিয়াৰ পিচত পথ অৱৰোধ কাৰ্যসূচীৰ সামৰণি পৰে ৷

লগতে পঢ়ক: Diwali in Guwahati : দীপাৱলীত নিশা মাত্ৰ দুঘন্টাৰ বাবে ফুটাব পাৰিব ফটকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.