ETV Bharat / state

Diwali in Guwahati : দীপাৱলীত নিশা মাত্ৰ দুঘন্টাৰ বাবে ফুটাব পাৰিব ফটকা

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:57 PM IST

দীপাৱলী উদযাপন সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ৰ কাৰ্যালয় গুৰুত্বপূৰ্ণ বৈঠক । দীপাৱলীত সেউজ ফটকা ফুটাবলৈ আহ্বান । দীপাৱলীত নিশা ৮ বজাৰ পৰা দুঘন্টাৰ বাবে ফুটাব পাৰিব ফটকা । আনহাতে ভাৰতত নিৰ্মিত সেউজ ফটকাৰ বাহিৰে আন সকলো ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কামৰূপ জিলা প্ৰশাসনৰ ।

Etv Bharat
Etv Bharat

গুৱাহাটী, 8 নৱেম্বৰ : সমাগত পোহৰৰ উৎসৱ দীপাৱলী । পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামানদিন বাকী । দীপাৱলীৰ সমান্তৰালকৈ প্ৰস্তুতি চলিছে কালীপূজাৰো । ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃণ্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে চাকি, প্ৰতিমা নিৰ্মাণত । বজাৰ ভৰি পৰিছে ভিন্নৰঙী লাইট, চাকিৰে ।

দীপাৱলীৰ প্ৰাকক্ষণত কামৰূপ জিলা উপাযুক্তৰ তৰফৰ পৰা জাৰি কৰা হৈছে কিছু নিৰ্দেশনাৱলী । পোহৰৰ উৎসৱ দীপাৱলীত যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয়, সেই সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ৷

জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কেবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, চক্ৰ বিষয়াসকল, পৌৰ নিগমকে ধৰি বিভিন্ন বিভাগৰ বিষয়া আৰু কালী পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ বৈঠকত অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাই দীপাৱলীত ফটকা ফুটুৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ, ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰণালয় আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দিয়া নিৰ্দেশৰ আধাৰত আৰক্ষী আয়ুক্তই কামৰূপ মহানগৰ জিলাৰ বাবে প্ৰস্তুত কৰা নীতি নিৰ্দেশনাসমূহৰ বিষয়ে উল্লেখ কৰে ৷

দীপাৱলীত কেৱল ভাৰতত নিৰ্মিত সেউজ ফটকাহে বিক্ৰী কৰিব আৰু ফুটাব পাৰিব৷ আনহাতে দীপাৱলীৰ নিশা কেৱল দুঘন্টাৰ বাবেহে ফটকা ফুটাব পাৰিব । নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ৰাইজে সেউজ ফটকা ফুটাব পাৰিব৷ নিশা ১০ বজাৰ পৰা পাচদিনা পুৱা ৮ বজালৈ শব্দ সৃষ্টিকাৰী ফটকা ফুটুৱা সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব৷

গুৱাহাটী উচ্চ ন্যায়ালয়, জি এম চি এইচ, অসম সচিবালয়ৰ দৰে নীৰৱ স্থানসমূহত কোনোধৰণৰ ফটকা ফুটাব নোৱাৰিব ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰিবেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানে (NEERI) আগবঢ়োৱা ব্যাখ্যা অনুসৰি তিনিধৰণৰ সেউজ ফটকা আছে- ছেফ ৱাটাৰ ৰিলিজাৰ, ছেফ মিনিমাল এলুমিনিয়াম আৰু ছেফ থাৰ্মাইট ক্ৰেকাৰ৷ এইবোৰ ১২৫ ডেচিবলতকৈ কম শব্দৰ৷ প্ৰশাসনে এই ব্যাখ্যা মানি চলিব ৷

আনহাতে ফটকা বিক্ৰীৰ যাৱতীয় অনুজ্ঞা আৰক্ষী প্ৰশাসনে প্ৰদান কৰিব৷ অনুজ্ঞাপত্ৰ লাভ কৰা বিক্ৰেতাই কেৱল ভাৰতত নিৰ্মিত সেউজ ফটকাহে বিক্ৰী কৰিব পাৰিব৷ লগতে অনুজ্ঞাপত্ৰ দিওঁতে প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা অমান্য কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । নিৰ্দেশনা অমান্য কৰিলে আইনমতে কঠোৰ ব্যৱস্থা লোৱা হ'ব৷

ইয়াৰোপৰি ৰাইজক ফটকা ব্যৱহাৰ কম কৰি দীপাৱলীক পোহৰৰ উৎসৱ হিচাবেই পালন কৰিবলৈ আহ্বান জনায় অতিৰিক্ত জিলা আয়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই ।

লগতে পঢ়ক : Lachit Ghat: আৱৰ্জনা-কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট, নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.