Nalbari theft incident : বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড; চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সামগ্ৰী

By

Published : Aug 18, 2023, 12:39 PM IST

thumbnail

নলবাৰী, ১৮ আগষ্ট : নলবাৰীৰ বালিকৰিয়া বাসুদেৱ দেৱালয়ত অঘটন ৷ আন্ধাৰৰ সুযোগ লৈ বৃহস্পতিবাৰে মাজনিশা বালিকৰিয়া বাসুদেৱ দেৱালয়ত তিনিজনীয়া চোৰৰ এটা দলে চলালে লুটপাত ৷ এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে দেৱালয়ৰ CCTV কেমেৰাত ৷

শুকুৰবাৰে পুৱা বালিকৰিয়া বাসুদেৱ দেৱালয় প্ৰাংগনৰ অৱস্থা দেখি হতভম্ব হৈ পৰে মন্দিৰৰ পূজাৰী ৷ তাৰ পাচতে এই চুৰিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই উল্লেখ কৰা অনুসৰি, প্ৰায় ৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ লগতে মন্দিৰৰ মূল্যৱান সামগ্ৰী, মূৰ্তি আদি লুট কৰে তিনিজনীয়া চোৰৰ দলটোৱে  ৷

আনকি, দেৱালয়ৰ শিৱ মন্দিৰৰ দান পাত্ৰটোও লুট কৰি জংঘলৰ মাজত পেলাই থৈ যায় চোৰৰ দলটোৱে । ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাচতে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ২৪ ঘন্টাৰ ভিতৰত চোৰৰ দলটোক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দেৱালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকে দাবী জনায় আৰক্ষীক ৷

লগতে পঢ়ক : Jonai theft incident: চোৰে সৈ কঢ়াৰ পাচতো নাহিল আৰক্ষী; বিবুধিত ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.