Theft in Joani : চোৰে নিদ্ৰা হৰণ কৰিছে চিমেন চাপৰিৰ ব্যৱসায়ীৰ; ঘোৰ নিদ্ৰাত চিমেন চাপৰি আৰক্ষী

By

Published : May 7, 2023, 1:42 PM IST

thumbnail

জোনাই 7 মে’ : ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰিত চোৰে নিদ্ৰা হৰিছে স্থানীয় লোকৰ ৷ যোৱা 4 মে’ৰ নিশা চিমেন চাপৰি বজাৰত 7 খনকৈ দোকানত চোৰে তহিলং কৰাৰ এসপ্তাহ নৌহওঁতেই পুনৰ শনিবাৰে নিশা এখনত দোকানৰ পৰা নগদ ধন আৰু সামগ্ৰী লুটি লৈ যায় চোৰে ৷ জানিব পৰা মতে চিমেন চাপৰিৰ ৰেলৱে ষ্টেচন ৰ’ডৰ ব্যৱসায়ী মনো গগৈৰ দোকানৰ পৰা শনিবাৰৰ নিশা চোৰে নগদ 10 হাজৰ টকাৰ লগতে আন কেইবাটাও সামগ্ৰী চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হয় দোকানখনত সংস্থাপিত চিচিটিভি কেমেৰাত (thieft cases increases in Jonai) ৷ 

ইমানৰ পিচতো কিন্তু চিমেন চাপৰিৰ আৰক্ষী ঘোৰ নিদ্ৰাত বুলি অভিযোগ তুলিছে ভুক্তভোগী ব্যৱসায়ীসকলে ৷ বিগত 8 মে’ৰ দিনা 7 খনকৈ দোকানৰ চুৰি কাণ্ডৰ সমগ্ৰ ফুটেজ আৰক্ষীয়ে লাভ কৰাৰ পিচতো কিন্ত বৰ্তমান পৰ্যন্ত চুৰি কাণ্ডৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই চিমেন চাপৰি আৰক্ষীয়ে । যাৰ ফলত পুনৰ যোৱা নিশা চোৰে সিন্ধি খান্দি লুটি নিলে ধনৰ লগতে বিভিন্ন সামগ্ৰী (Simen Chapori police station) ৷ 

আৰক্ষীৰ ভূমিকাত ক্ষোভিত হৈ পৰিছে চিমেন চাপৰিৰ ব্যৱসায়ীসকল ৷ অনতিপলমে চিমেন চাপৰিৰ অকৰ্মণ্য আৰক্ষীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’বলৈ ধেমাজি জিলা আৰক্ষী অধীক্ষকক দাবী জনাইছে চিমেন চাপৰিৰ ভুক্তভোগী ব্যৱসায়ীসকলে ৷

লগতে পঢ়ক : Manipur latest news : মণিপুৰৰ চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.