ETV Bharat / bharat

Manipur latest news : মণিপুৰৰ চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

author img

By

Published : May 7, 2023, 12:29 PM IST

Updated : May 7, 2023, 2:15 PM IST

হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হোৱা মণিপুৰত সাময়িকভাৱে শিথিল কৰা হৈছে সান্ধ্য আইন ৷ 3 মে’ত জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যৰ মাজত সংঘৰ্ষ হিংসাত্মক ৰূপ লোৱাৰ পিচতে ৰাজ্যখনত জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ যিয়ে এতিয়ালৈকে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰাৰ লগতে কমেও 54 জন লোকৰ মৃত্যু হৈছে (Curfew Relaxed In Churachandpur For 3 Hours) ।

Etv Bharat
Etv Bharat

তেজপুৰ, 7 মে’ : পূৰ্বতকৈ কিছু উন্নত হৈছে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ৷ জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যৰ মাজত তীব্ৰ সংঘাতে দেখা দিয়াত ৰাজ্যখনত জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ অৱশ্যে দেওবাৰে পুৱা তিনি ঘণ্টাৰ বাবে শিথিল কৰি দিয়া হয় বুলি এক অধিসূচনাযোগে প্ৰকাশ পাইছে । সান্ধ্য আইন পুৱা 7 বজাৰ পৰা 10 বজালৈ শিথিল কৰা হয় বুলি জানিবলৈ পৰা গৈছে (Curfew Relaxed In Churachandpur For 3 Hours) ।

ইফালে শনিবাৰে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দুঘণ্টাৰ বাবে ৰাজ্যখনত সান্ধ্য আইন শিথিল কৰা হয় । চুৰাচান্দপুৰ জিলাত আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ পিচতে ৰাজ্য চৰকাৰ আৰু বিভিন্ন অংশীদাৰৰ মাজত হোৱা আলোচনাৰ অন্তত জিলাখনত সান্ধ্য আইন আংশিকভাৱে শিথিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰৰ নিশা এক টুইটযোগে অধিসূচনাখন শ্বেয়াৰ কৰে (Violence hit Manipur)।

যোৱা 3 মে’ত জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছতে ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰা হৈছিল ৷ সংঘৰ্ষৰ ফলত এতিয়ালৈকে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে কমেও 54 জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । চুৰাচান্দপুৰৰ জিলা দণ্ডাধীশ শৰথ চন্দ্ৰ আৰোজুৱে জাৰি এক কৰা অধিসূচনা অনুসৰি, পৰৱৰ্তী সময়ত আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিথিলতাসমূহ পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰে (Manipur violence update)।

আনহাতে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এক বিবৃতিযোগে শনিবাৰৰ নিশালৈকে ৰাজ্যখনত কোনো নতুন সংঘাতৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিচতে ৰাজ্য চৰকাৰখনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অসম ৰাইফলছক নিয়োজিত কৰে ৷ সেনা আৰু অসম ৰাইফলছৰ মুঠ 250 টা গোটে পৃথকে পৃথকে ৰাজ্যখনৰ পৰিস্থিতি উন্নত কৰিবৰ বাবে কাম কৰি আছে ।

বিগত প্ৰায় 48 ঘণ্টাত অসামৰিক প্ৰশাসনৰ লগতে সেনা, অসম ৰাইফলছ আৰু বায়ুসেনাই মণিপুৰত আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে । উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নাগৰিকৰ সুবিধাৰ্থে মুকলি কৰি দিছে 03862249122 আৰু 8798959257 নম্বৰৰ দুটা হেল্পলাইন নম্বৰ ৷ নাগৰিকৰ সহায়ৰ বাবে এই নম্বৰ দুটা 24x7 মুকলি থাকিব বুলি জানিবলৈ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : Manipur Violence Update : কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা লৌহ মানৱী ইৰম শৰ্মিলাৰ

Last Updated : May 7, 2023, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.