Golaghat theft incident:ঘৰ এৰি থৈ যোৱাৰ আগত সাৱধান, চোৰৰ কোপদৃষ্টি পৰিব পাৰে!

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:20 PM IST

thumbnail

গোলঘাট, 4 নৱেম্বৰ : গোলাঘাট নগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । এইবাৰ গোলাঘাটৰ নিউ আমোলাপট্টিৰ বকুল দত্ত আৰু বিনা দত্তৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ।

শনিবাৰে ওচৰৰ এজন যুৱকে পানী মটৰৰ চুইচ দিবলৈ আহি ঘৰৰ দুৱাৰ খোলা দেখি সন্দেহ ওপজাত ওচৰ চুবুৰীয়াক খবৰ দিয়ে । লগে লগে ওচৰ চুবুৰীয়া ৰাইজ উক্ত স্থানত উপস্থিত ৰৈ ঘৰৰ ভিতৰত কাপোৰ-কানি বিশৃংখল হৈ পৰি থকাৰ লগতে দুটাকৈ আলমাৰি ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে । ঘটনা সম্পৰ্কে গোলাঘাট সদৰ আৰক্ষী থানাত অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱা নাই বুলি জানিব পৰা হৈছে ।

জানিব পৰা মতে, গৃহস্থ চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈছিল ৷

লগতে পঢ়ক : Theft incident:২৪ ঘন্টা পাৰ নহওঁতেই আৰক্ষীৰ জালত পৰিল চোৰ

                    Theft incident: ঘৰৰ সকলো একেলগে ওলাই যোৱাৰ আগতে এশবাৰ ভাবক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.