Theft incident:২৪ ঘন্টা পাৰ নহওঁতেই আৰক্ষীৰ জালত পৰিল চোৰ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:20 AM IST

thumbnail

জনিয়া, 28 অক্টোবৰ : চুৰি বিদ্যা মহা বিদ্যা যদি নপৰে ধৰা, চুৰি বিদ্যা বেয়া বিদ্যা যদি পৰে ধৰা । ২৪ ঘন্টা পাৰ নহওঁতেই আৰক্ষীয়ে আটক কৰে হাছানুৰ আলমক ৷ কথাতে কয় নহয় এশ গৰু মাৰিলে বাঘৰো মৰণ । ঘটনাটো ঠিক তেনেকুৱাই ৷ কলগাছিয়াৰ বনগুঘী গাঁৱৰ হাছানুৰ আলম অৱশেষত আৰক্ষীৰ জালত । বৰ্তমান হাছানুৰ আলম কলগাছিয়া আৰক্ষী থানাৰ আলহী । উল্লেখযোগ্য যে, খাতাৰটাৰী বজাৰত মিনহাজ উদ্দিন চৌধুৰীৰ মোবাইলৰ দোকানত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড । চোৰে লুটি নিছিল মোবাইল, নগদ ধনসহ প্ৰায় ছয় লক্ষাধিক টকাৰ সা-সম্পত্তি । উপায়ন্তৰ হৈ দোকানী মিনহাজ উদ্দিন চৌধুৰীয়ে বৰভিটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ পিচতেই ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে দোকানৰ ক্ষয়ক্ষতিৰ বুজ লয় ৷ 

আৰক্ষীৰ তৎপৰতাত ২৪ ঘন্টা পাৰ নহওঁতেই চোৰ হাছানুৰ আলমক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, চোৰটো কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বনগুঘী গাঁৱৰ ৰব্বান আলীৰ পুত্ৰ । বৰ্তমান আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে । এই চুৰিকাণ্ডৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে সকলো কথা তদন্ত কৰি সকলোকে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ কামনা কৰিছে ৰাইজে ৷ আৰক্ষীয়ে সক্ৰিয়ভৱে কৰ্তব্য পালন কৰিলে চোৰৰ তাণ্ডৱ বন্ধ হ’ব বুলি মন্তব্য সচেতন মহলৰ । এতিয়া চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া সময়তহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : Theft incident: ঘৰৰ সকলো একেলগে ওলাই যোৱাৰ আগতে এশবাৰ ভাবক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.