Nagaon theft incident: সাংবাদিকৰ ঘৰত চোৰে চলালে চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:01 PM IST

thumbnail

নগাঁও, 10 অক্টোবৰ : চোৰৰ মৰসাহ ৷ দিন দুপৰতে নগাঁৱত চোৰে চলালে চাফাই অভিযান ৷ চোৰৰ টাৰ্গেট এইবাৰ সাংবাদিকৰ বাহগৃহ ৷ ঘৰত কোনো নথকা সুযোগ লৈ চোৰে প্ৰৱেশ কৰিলে সাংবাদিকৰ বাসগৃহত ৷ মঙলবাৰে নগাঁও চহৰৰ সমীপৰ কাৱৈমাৰীত সংঘটিত হৈছে এই ঘটনা ৷

সাংবাদিক ভাস্কৰ বৰাৰ ঘৰৰ পৰা দিন-দুপৰতে চোৰে নিলে সোণৰ গহনাৰ লগতে নগদ ধন । প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ 2 লাখ টকা লুটি নিয়ে বুলি জানিবলৈ দিছে ভুক্তভোগী পৰিয়ালটোৱে । ইফালে সমগ্ৰ চুৰি কাণ্ডৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱাৰ পাচতো ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী ৷ সেয়ে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে ৷

আনহাতে নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । তাৰ পচতো আৰক্ষী নীৰৱ ভূমিকা পালন কৰি থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক:Road Accident at Puranigudam: পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা; প্ৰায় 10 ঘণ্টাৰ মূৰত মৃত চালকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.