Road Accident at Puranigudam: পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা; প্ৰায় 10 ঘণ্টাৰ মূৰত মৃত চালকক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 9:37 PM IST

thumbnail

চামগুৰি, 8 অক্টোবৰ: দেওবাৰে বিয়লি নগাঁৱত উদ্ধাৰ কৰা হয় বাহনৰ ভিতৰত আৱদ্ধ হৈ থকা এটা মৃতদেহ ৷ নগাঁৱৰ পুৰণিগুদামত দেওবাৰে পুৱতি নিশা সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তেজপুৰৰ পৰা নগাঁও অভিমুখী এখন স্কৰপিঅ’ বাহন পতিত হয় দুৰ্ঘটনাত । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চাৰিলেনযুক্ত পথৰ ডিভাইডাৰ ভাঙি বিপৰীত দিশৰ এটা বাসগৃহৰ দেৱালত খুন্দা মাৰে বাহনখনে ৷ দুৰ্ঘটনাটোত পতিত হোৱা স্কৰপিঅ’ বাহনখনৰ নম্বৰ AS12 AB 3669 ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা বিয়লি পৰ্যন্ত বাহনখনতে আবদ্ধ হৈ আছিল চালকজন ৷ আনকি স্কৰপিঅ’ বাহনখনো ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে । ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ দেওবাৰে বিয়লিহে স্কৰপিঅ’খনৰ চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.