Theft at Chenga: চেঙাত দিন দুপৰতে চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 9:03 PM IST

thumbnail

বৰপেটা, 9 ছেপ্টেম্বৰ: বৰপেটাৰ চেঙাত চোৰৰ সন্ত্ৰাস ৷ দিন দুপৰতে চোৰৰ চাফাই অভিযান ৷ চেঙা মুছলমান গাঁৱৰ চিৰাজ আলীৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটিলে সোণ, নগদ ধন আৰু কেইবালাখ টকাৰ বিভিন্ন সামগ্ৰী ৷ ঘটনা অনুসৰি খিৰিকী ভাঙি চোৰে প্ৰৱেশ কৰিছিল ঘৰটোত ৷ ইতিমধ্যে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰসহ আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷  

‘‘আমি ঘৰত নাছিলো ৷ যেতিয়া ঘৰলৈ আহিলোঁ, দেখিলো যে ঘৰৰ দৰ্জা, গ্ৰীল, তলা ভঙা আৰু ঘৰৰ ভিতৰৰ সা-সামগ্ৰী লণ্ডভণ্ড অৱস্থাত । সোণৰ খাৰু, আঙুঠি, নগদ ধন, পাট মুগাৰ কাপোৰ, এ টি এম কাৰ্ডৰ লগতে কিছু নথি পত্ৰ চোৰে নিছে ।’’ এই মন্তব্য ভুক্তভোগীৰ ৷ 

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি চেঙা অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে  চুৰিকাণ্ড ৷ ইমানৰ পাচতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ 

লগতে পঢ়ক:Erosion at Kalgachia : কালৰূপী বেঁকী, পাঁচ দিনত উচন ৫০ টা পৰিয়ালৰ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.