ETV Bharat / state

Erosion at Kalgachia : কালৰূপী বেঁকী, পাঁচ দিনত উচন ৫০ টা পৰিয়ালৰ বাসগৃহ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:28 PM IST

Erosion at Kalgachia
বেঁকী নদীৰ গৰাখহনীয়া

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত অব্যাহত আছে বেঁকী নদীৰ গৰাখহনীয়া । চকুৰ সন্মুখতে জাহ গৈছে এটাৰ পিচত আনটোকৈ পকী ঘৰ ৷ উচন হ’ল শ শ বিঘা কৃষিভূমি । বিগত পাঁচ দিনৰ ভিতৰত ৫০ টাকৈ পৰিয়াল হ’ল গৃহহাৰা ৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা চৰকাৰে কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

কালৰূপী বেঁকী, পাঁচ দিনত উচন ৫০ টা পৰিয়ালৰ বাসগৃহ

জনীয়া, ৯ ছেপ্টেম্বৰ : অন্ত পৰা নাই কলগাছিয়াবাসীৰ দুখ-দুৰ্দশা ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ আৰু কাউৰজাহী গাঁৱত বিগত এক সপ্তাহ ধৰি কালৰূপী বেঁকী নদীত অব্যাহত আছে গৰাখহনীয়াৰ ৷ এই গৰাখহনীয়াৰ ফলত পথৰ ভিক্ষাৰী হৈ পৰিছে কেইবাটাও পৰিয়াল ।

চকুৰ সন্মুখতে নিজৰ আপোন ঘৰখন জাহ গৈছে নদীৰ বুকুত ৷ এটাৰ পিচত আনটোকৈ পকী ঘৰ নদীত জাহ যোৱাৰ লগতে উচন হৈছে শ শ বিঘা কৃষিভূমি । ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গৰাখহনীয়াগ্ৰস্ত লোকৰ মাজত ৷ শেহতীয়া তথ্য অনুসৰি, বিগত পাঁচটা দিনৰ ভিতৰত কেৱল বলাইপাথাৰ গাঁওখনতেই ৫০ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিলে কালৰূপী বেঁকী নদীয়ে । ফলত কুলাই-পাচিয়ে নধৰা হৈছে গৰাখহনীয়াগ্ৰস্ত লোকৰ দুৰ্দশা ।

Erosion at Kalgachia
বেঁকী নদীৰ গৰাখহনীয়া

একপ্ৰকাৰে দৈনিক বেঁকী নদীৰ গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি বলাইপাথাৰ গাঁওখন নিশ্চিহ্ন কৰি পেলোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু ইমানৰ পাচতো স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম, সাংসদ আব্দুল খালেক আৰু চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বন্যাৰ্তই ।

জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই উপায়ন্তৰ হৈ অসমবাসীৰ ওচৰত সহায় ভিক্ষা বিচাৰিছে বলাইপাথাৰ গাঁৱৰ ভুক্তভোগী ৰাইজে । খহনীয়াত ঘৰ দুৱাৰ হেৰুৱাই গছৰ তলত অনিদ্ৰা অনাহাৰে দিন পাৰ কৰিছে খহনীয়াগ্ৰস্ত লোকে । গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা কৰিছে যদিও নদীৰ কোবাল সোঁতে সেয়াও উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে ।

ঘৰ দুৱাৰ হেৰুৱাই হতাশাত ভাগি পৰিছে এতিয়া খহনীয়াগ্ৰস্তলোক ৷ কাৰ ওচৰত যাব ! কি কৰিব ! কোনেবা শুনিব দুৰ্ভোগীয়া লোকৰ বিননি ?

লগতে পঢ়ক : Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.