ULFA Govt peace talk: শান্তি চুক্তি স্বাক্ষৰৰ পিচতে আনুষ্ঠানিকভাৱে ভংগ হ’ব আলফা

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 9:50 PM IST

Updated : Oct 25, 2023, 10:58 PM IST

thumbnail

নিউজ ডেস্ক, 25 অক্টোবৰ: আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ দিশে আলফা ৷ বুধবাৰে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত আলফাৰ সাধাৰণ পৰিষদৰ সভাৰ পিচতেই  এই কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে আলফাৰ সাদাৰণ সম্পাদক অনুপ চেতিয়াই ৷ বৈঠক সমাপ্তিৰ পিচতেই চেতিয়াই ফোন যোগে ইটিভি ভাৰতক কয় যে সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাখনত উপস্থিত আছিল প্ৰায় দুশ সদস্য ৷ 

এই সভাতেই সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আলফা, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ এমাহৰ পিচতেই ভংগ কৰা হ’ব আলফা ৷ আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ কৰাৰ পিচত বৰ্তমানৰ এইসকল আলফা নেতা-সদস্যই ব্যক্তিগতভাৱে যিকোনো দল-সংগঠনত যোগ দিয়াৰ পূৰ্ণ স্বাধীনতা লাভ কৰিব ৷ 

চেতিয়াই লগতে এইবুলিও কয় যে যিহেতু আলফা-চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া বৰ্তমান অন্তিম পৰ্যায়ত আছে আৰু 2024 ৰ লোকসভা নিৰ্বাচনৰ আগে আগে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাটো নিশ্চিত সেয়েহে সেই চুক্তিৰ এমাহৰ পিচতেই আনুষ্ঠানিকভাৱে আলফা ভংগ হ’ব ৷ 

ইতিমধ্যে আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই প্ৰস্তুত কৰা খচৰাখনক লৈ আজিৰ সাধাৰণ পৰিষদৰ সভাত পুংখানুপুংখভাৱে আলোচনা কৰা হয় আৰু সেই খচৰাত সাধাৰণ পৰিষদে অনুমোদন জনায় ৷ লগতে কৰ্ম পৰিষদৰ সহযোগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয় ৷ 

লগতে পঢ়ক: Major crimes decreasing in Assam: অসমত গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে:মুখ্যমন্ত্ৰী

Last Updated : Oct 25, 2023, 10:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.