দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:51 PM IST

thumbnail

ডিব্ৰুগড়, 21 নৱেম্বৰ : মঙলবাৰে ডিব্ৰুগড়ৰ বকুল পলিটেকনিকৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ভয়ংকৰ এই পথ দুৰ্ঘটনাত এজন ছাত্ৰ ঘটনাস্থলীতেই মৃত্যু হয় । নিহত ছাত্ৰজনৰ নাম অভিজিৎ বৰুৱা বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নিহত অভিজিতৰ দুই সতীৰ্থ আকাশদীপ বৰুৱা আৰু ৰিদীপ চেতিয়া ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, AS24 AE3474 নম্বৰৰ এখন তীব্ৰবেগী KTM বাইকত তিনি সতীৰ্থই বকুল আঠাবাৰী দিশৰ পৰা পলিটেকনিক দিশেৰে আহি আছিল ৷ তেনেতে হঠাতে এটা পথচাৰী সংকেত খুটাত খুন্দা মাৰে দুচকীয়া বাহনখনে ৷ যাৰ ফলত ঘটনাস্থলীতেই মৃত্যু হয় অভিজিৎ বৰুৱাৰ ।

অৱশ্যে অতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আকাশদীপ বৰুৱা আৰু ৰিদীপ চেতিয়াক । জানিব পৰা মতে, আটাইকেইজন লাহোৱাল মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ৷

লগতে পঢ়ক : তিনি গগৈয়ে উজনিত বিজেপিৰ অংকত লগাইছে খেলিমেলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.