ETV Bharat / state

তিনি গগৈয়ে উজনিত বিজেপিৰ অংকত লগাইছে খেলিমেলি

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:34 PM IST

Three GOGOI And BJP Equation in Upper Assam
আগন্তুক নিৰ্বাচনৰ বাবে ৰণশিঙা বজাবলৈ সাজু

আগন্তুক নিৰ্বাচনৰ বাবে ৰণশিঙা বজাবলৈ সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ কিন্তু তিনি গগৈয়ে উজনিত বিজেপিৰ অংকত লগাইছে খেলিমেলি ৷ ডিব্ৰুগড় নে লখিমপুৰত প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল ?

গুৱাহাটী, ২১ নৱেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ উজনি অসমত অধিক তৎপৰ হৈছে বিজেপি ৷ লোকসভাত ১২ খন আসনত জয় নিশ্চিত বুলি দাবী কৰিলেও বিৰোধীৰ সমান্তৰালভাৱেই বিজেপিয়ে নিৰ্বাচনী ৰণ প্ৰস্তুতিত নামি পৰিছে ৷ গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ - এই তিনি গগৈয়ে বিজেপিক উজনি অসমৰ তিনিটা লোকসভা সমষ্টিত ৰাজনৈতিক সমীকৰণ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে ।

লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত লোকসভাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক নতুন চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে ৷ শাসকীয় বিজেপিয়ে লুৰীণ, গৌৰৱ আৰু অখিল - এই তিনি গগৈ উজনি অসমত একো ফেক্টৰ নহয় বুলি ক’লেও কিন্তু বাস্তৱ ছবিখন পৃথক দেখা গৈছে ৷ উজনিত দিনে-নিশাই ব্যস্ত হ’বলগীয়া হৈছে বিজেপি ৷

ইতিমধ্যে বিৰোধী শিবিৰত এটা কথা স্পষ্ট হৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু যোৰহাটত কংগ্ৰেছৰ যুৱনেতা গৌৰৱ গগৈক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ সোমবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজহুৱা প্ৰস্তাৱ আগবঢ়াইছে যোৰহাট লোকসভাত কংগ্ৰেছৰ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিবৰ বাবে ৷

আনকি অখিল গগৈয়ে কালি শিৱসাগৰত লোকসভা নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাৰে আৰম্ভ কৰিছে 'ৰাইজৰ ওচৰত ৰাইজৰ দল’ শীৰ্ষক এলানি জনসম্পৰ্কমূলক কাৰ্যসূচী ৷ যোৰহাট লোকসভাৰ অন্তৰ্গত শিৱসাগৰৰ বিধানসভা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে চাইকেল মাৰি জনসম্পৰ্ক কাৰ্যসূচী চলাই গৈছে অখিল গগৈ আৰু সহযোগীসকলে ৷

সোমবাৰে এই কাৰ্যসূচীত আৰম্ভ কৰিয়েই অখিল গগৈয়ে গৌৰৱ গগৈৰ নাম প্ৰস্তাৱ কৰি ঘোষণা কৰে যে গৌৰৱ গগৈ যোৰহাটৰ প্ৰাৰ্থী হ’লে ৰাইজৰ দলে তেওঁক জিকাই আনিবলৈ কৰিবলগীয়া সকলোখিনি কৰিব । এক কথাত উপযাচি গৌৰৱ গগৈৰ হৈ যোৰহাটত যুঁজ দিয়াৰ দায়িত্ব কান্ধ পাতি লৈছে অখিল গগৈয়ে ৷

কেৱল শিৱসাগৰ বিধানসভা সমষ্টিতেই নহয় জিলাখনৰ আটাইকেটা বিধানসভা সমষ্টিতে এই যাত্ৰা চলাই আন আন জিলাতো ৰাইজৰ দলে অব্যাহত ৰাখিব নিজৰ জনসংযোগ কাৰ্যসূচী ৷ ডিব্ৰুগড়, লখিমপুৰ সমষ্টিতো ধাৰাবাহিকভাৱে অখিল গগৈৰ দলটোৱে চলাব নিজৰ এই কাৰ্যসূচী ৷

যোৰহাট সমষ্টিটোত আহোম জনগোষ্ঠীয়ে সদায়েই বিশেষ ভূমিকা গ্ৰহণ কৰি অহা দেখা যায় ৷ বিজেপিৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ হিচাবে প্ৰদৰ্শনক লৈ বিজেপিৰ মাজতেই প্ৰশ্ন উত্থাপন হৈছে ৷ বিজেপি আৰু আৰএছএছৰ মাজত প্ৰশ্ন উঠিছে গৌৰৱ গগৈৰ সন্মুখত তপন কুমাৰ গগৈ প্ৰাৰ্থী হিচাবে দুৰ্বল প্ৰাৰ্থী নহ’বনে ? সেয়ে বিজেপিয়ে সমষ্টিটোত এগৰাকী শক্তিশালী আহোম প্ৰাৰ্থীৰ সন্ধানত আছে, যিগৰাকীয়ে গৌৰৱ গগৈক প্ৰত্যহ্বান জনাব পাৰিব ।

চৰ্চা চলিছে এই লৈ প্ৰাক্তন কংগ্ৰেছী তথা আহোম জনগোষ্ঠীৰ এগৰাকী প্ৰভাৱশালী নেতা দয়ানন্দ বৰগোঁহাইৰ কাষ চাপিছে বিজেপি । কিন্তু এতিয়ালৈ সন্মতি দিয়া নাই বোলে দয়ানন্দ বৰগোঁহাইয়ে ৷ আনহাতে, দেখা গৈছে যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰীকায়ো যোৰহাট লোকসভা সমষ্টিৰ শিবসাগৰৰ কেইবাটাও বিধানসভা সমষ্টিত দলীয় কাৰ্যসূচী লৈয়ো এক প্ৰকাৰ বাহৰ পাতি আছে ৷

বিৰোধীৰ ঐক্যক ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে পীযুষ হাজৰীকাই ৷ ইযাৰ পূৰ্বে স্বয়ং মুখ্যমন্ত্ৰীয়েও যোৰহাট, ডিব্ৰুগড় আৰু শিৱসাগৰ ভ্ৰমণ কৰি আহিছে । কাজেই ক’ব পাৰি এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে উজনিৰ যোৰহাট, ডিব্ৰুগড় সমষ্টিক সহজভাৱে লোৱা নাই বিজেপিয়ে ।

আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি, সাপেখাতী, মাহমৰা আদিত দলীয় কাৰ্যসূচী লৈ ব্যস্ত আছে গৌৰৱ গগৈয়ো । যিটো বিজেপিৰ বাবে স্বাভাৱিকতেই মূৰৰ কামোৰণি হৈ পৰিছে ৷ আনকি, ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্বক লৈয়ো বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে বিজেপি ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত পূৰ্ণগতিত নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত লুৰীণজ্যোতি গগৈ ৷

ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে বিজেপিৰ একাংশই ৷ কিন্তু বিজেপিৰ ভিতৰুৱা চৰ্চা অনুসৰি ডিব্ৰুগড় সমষ্টিত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী নহয় সোণোৱাল । তাৰ পৰিৱৰ্তে লখিমপুৰ লোকসভা সমষ্টিৰ বাবেহে আগ্ৰহী বোলে সৰ্বানন্দ সোণোৱাল ৷ কাৰণ ডিব্ৰুগড়, যোৰহাটৰ দৰে এইবাৰ লখিমপুৰতো বিজেপিক লাগে শক্তিশালী প্ৰাৰ্থী যি ৰোধিব পাৰিব গৌৰৱ, লুৰীণ আৰু অখিল -এই তিনি গগৈৰ শক্তিশালী নিৰ্বাচনী ৰণকৌশল ৷

ইফালে বৰ্তমানৰ সাংসদ হিচাবে প্ৰদান বৰুৱাৰ প্ৰদৰ্শনত সন্তুষ্ট নহয় বিজেপি । আনহাতে, মুখ্যমন্ত্ৰীৰ শিবিৰৰ নেতা হিচাবে ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিবলৈ মন প্ৰদান বৰুৱাৰ ৷ সময়তহে গম পোৱা যাব সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় নে লখিমপুৰ ক’ৰ প্ৰাৰ্থী হ’ব ?

লগতে পঢ়ক : পুত্ৰৰ হেৰুওৱাৰ বেদনা বুকুত লৈ ৰাইজ, দল-সংগঠনক কি আহ্বান নীল অভিৰ পৰিয়ালৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.