পুত্ৰৰ হেৰুওৱাৰ বেদনা বুকুত লৈ ৰাইজ, দল-সংগঠনক কি আহ্বান নীল অভিৰ পৰিয়ালৰ ?
Published: Nov 21, 2023, 9:54 PM

পুত্ৰৰ হেৰুওৱাৰ বেদনা বুকুত লৈ ৰাইজ, দল-সংগঠনক কি আহ্বান নীল অভিৰ পৰিয়ালৰ ?
Published: Nov 21, 2023, 9:54 PM
সম্পূৰ্ণ হ’ল নীল-অভিৰ বিচাৰ প্ৰক্ৰিয়াৰ সাক্ষ্যগ্ৰহণ ৷ এইক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়াল দুটাই কিছু সন্তুষ্টি প্ৰকাশ কৰিছে যদিও আছে কিছু ক্ষোভ ৷ ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰিছিল পৰিয়াল দুটাই ৷
নগাঁও, 21 নৱেম্বৰ : নীল-অভিৰ বিচাৰ প্ৰক্ৰিয়াৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱাক হোৱাক লৈ সন্তুষ্টি প্ৰকাশ নীল, অভিৰ পৰিয়ালৰ । ফাষ্টট্ৰেক আদালতৰ বিপৰীতে জিলা সত্ৰ ন্যায়াধীশ আদালতত চলা বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত আক্ষেপ পৰিয়ালৰ । পুত্ৰৰ হেৰুওৱাৰ বেদনা বুকুত লৈ ৰাইজ, দল সংগঠনক কি আহ্বান নীল-অভিৰ পৰিয়ালৰ ?
ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ সাক্ষ্য গ্ৰহণ সম্পন্ন হোৱাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীল-অভিৰ পৰিয়ালৰ লোকে । পাঁচ বছৰ পূৰ্বেই পুত্ৰক হেৰুওৱাৰ বেদনা বুকুত লৈয়েই নগাঁও আদালতত প্ৰতিটো শুনানিতেই উপস্থিত থাকি সাক্ষ্য গ্ৰহণ সম্পন্ন হোৱাৰ পাচত অসমবাসী ৰাইজৰ লগতে দল-সংগঠনক পুনৰবাৰ আহ্বান জনালে নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে ।
পৰিয়াল দুটাক কিছু সাহস দিবলৈ দল-সংগঠন তথা অসমবাসীৰ সহযোগিতা বিচাৰিছে গোপাল চন্দ্ৰ দাসে । বিগত পাঁচ বছৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ মঙলবাৰে ৭১ নম্বৰ অৰ্থাৎ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱাত কিছু সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰিছে যদিও বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হোৱাত আক্ষেপো প্ৰকাশ কৰে নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে ।
নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ বিপৰীতে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া হ’লে কম সময়ৰ ভিতৰতে ন্যায় লাভ কৰিলেহেতেন বুলিও মন্তব্য নিলোৎপল দাসৰ পিতৃৰ । সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱাৰ পাচত এতিয়া আগন্তক দুই এমাহৰ ভিতৰতে চূড়ান্ত ৰায়দানৰ আশা প্ৰকাশ কৰিছে নীল-অভিৰ পৰিয়ালে । নীল-অভি হত্যাকাণ্ডত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীতো অটল নীল-অভিৰ পৰিয়ালৰ লোক ।
লগতে পঢ়ক : অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ
